ETV Bharat / state

Rajya Sabha election: কংগ্ৰেছে সংগ্ৰহ কৰিলে মনোনয়ন, জাৰি কৰিব থ্ৰি লাইন হুইপ

author img

By

Published : Mar 17, 2022, 4:41 PM IST

Updated : Mar 17, 2022, 6:31 PM IST

সমাগত ৰাজ্যসভা নিৰ্বাচনকলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ(Political parties are gearing up for upcoming Rajya Sabha elections) ৷ সাজু হৈছে কংগ্ৰেছ দলো ৷ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব নে নাই তাক লৈ চলিছে ব্যাপক চৰ্চা ৷ ইতিমধ্যে কংগ্ৰেছৰ দুই নেতাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ ৷

congress-collects-nominations-issue-three-line-whips
কংগ্ৰেছে সংগ্ৰহ কৰিলে মনোনয়ন, জাৰি কৰিব থ্ৰি লাইন হুইপ

গুৱাহাটী, ১৭ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব নে নাই তাকে লৈ ব্যাপক চৰ্চা চলি থকাৰ মাজতে বৃহস্পতিবাৰে কংগ্ৰেছৰ দুই নেতাই বিধানসভা সচিবালয়ত থকা ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াৰ পৰা সুকীয়াকৈ দুখন মনোনয়ন পত্ৰ সংগ্ৰহ কৰে(Congress collect nominations for Rajya Sabha polls) । ইয়াৰে প্ৰথমখন মনোনয়ন পত্ৰ সংগ্ৰহ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

আনহাতে, অতি লক্ষ্যনীয়ভাবে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ হৈও তেওঁৰ প্ৰতিনিধিয়ে ৰিটাৰ্নিং বিষয়াৰ পৰা মনোনয়ন সংগ্ৰহ কৰে ।

ইপিনে, মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰাৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, তেওঁ যি প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে, সেয়া যিগৰাকী দলীয় প্ৰাৰ্থী হ'ব তেওঁৰ বাবেহে । ৰিপুণ বৰাৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁ কয় যে, "আন কোনোবাই যদি মনোনয়ন সংগ্ৰহ কৰিছে সেয়া তেওঁৰ ব্যক্তিগত । আজি নিশাৰ ভাগলৈ কংগ্ৰেছ হাইকমাণ্ডে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ।"

ইয়াৰ লগতে ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে থ্ৰি লাইন হুইপ জাৰি কৰিব বুলিও স্পষ্ট কৰি দিয়ে বিৰোধী দলপতিগৰাকীয়(Congress to issue three line whip for Rajya Sabha elections) ।

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই কয় যে, ৰাজ্যসভাৰ এখন আসনত জয়ী হ'ব পৰাকৈ কংগ্ৰেছৰ হাতত পৰ্যাপ্ত সংখ্যা আছে । এ আই ইউ ডি এফে ইতিমধ্যে কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

স্মৰ্তব্য যে, ৰাজ্যসভাৰ এখন আসনত জয়ী হ'ব পৰাকৈ কংগ্ৰেছৰ হাতত পৰ্যাপ্ত বিধায়ক থকাৰ পিছতো এই পৰ্যন্ত নিশ্চিত হ'ব পৰা নাই কংগ্ৰেছ দল । কিয়নো দুজনকৈ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসক কংগ্ৰেছে নিলম্বিত কৰি থৈছে । গতিকে স্বাভাৱিকতে এই দুজন বিধায়কৰ ভোটক লৈ এতিয়াও নিশ্চিত হ'ব পৰা নাই কংগ্ৰেছ দল ।

লগতে পঢ়ক : অসম বাজেট 2022-23 ক জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা অগপৰ

Last Updated : Mar 17, 2022, 6:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.