ETV Bharat / state

মোক ৰাজ্যসভাৰ সদস্যৰ টোপ দিছিল বিজেপিয়ে: ৰমেন বৰঠাকুৰ

author img

By

Published : Mar 31, 2021, 10:49 PM IST

মহানগৰীৰ হোটেল ছিগনেটত বুধবাৰে সংবাদমেলযোগে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰু সাংসদ অজিত কুমাৰ ভূঞা ৷ আজিৰ তাৰিখত হিমন্ত কোন বুলি মন্ত্ৰী হিমন্তক কঠোৰ সমালোচনা কৰে ৰমেন বৰঠাকুৰে ৷

ramen-borthakur
ৰমেন বৰঠাকুৰ

গুৱাহাটী, 31 মাৰ্চ : বুধবাৰে গুৱাহাটী মহানগৰীৰ হোটেল ছিগনেটত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ উজাৰে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে ৷ মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি তেওঁ কয় যে, ‘‘মোক হিমন্তৰ মানুহে মনোনয়ন প্ৰত্যাহাৰৰ বাবে প্ৰস্তাৱ দিছিল ৷ বিনিময়ত যি লাগে তাকেই দিম বুলি কৈছিল ৷ লাগিলে ৰাজ্যসভালৈ পঠিওৱাৰো প্ৰস্তাৱ দিছিল ৷ হিমন্তই সকলোকে মেনেজ কৰিব পাৰিম বুলি ভাবে । কিন্তু মোক নোৱাৰিলে ৷ মই তেওঁৰ প্ৰস্তাৱ নামানিলো’’ ৷

ৰমেন বৰঠাকুৰ

বিষয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰস্তাৱ দিয়া নেতাৰ নাম ৰাজহুৱা নকৰি অতি কৌশলেৰে উত্তৰ দি বৰঠাকুৰে কয় যে, ‘‘মানহানি গোচৰ তৰিলেহে সকলো তথ্য ৰাজহুৱা কৰিব’’ ।

আনহাতে, সংবাদমেলত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, ‘‘হাগ্ৰামাৰ দৰে এজন জনজাতীয় নেতাক NIA লগাই জে'লত ভৰাম বুলি কৈ হিমন্তই কি বুজাব বিচাৰিছে? NIA, আইন-আদালত সকলো হিমন্তৰ মতে চলে নেকি? আজিৰ তাৰিখত হিমন্ত কোন? এতিয়া কেয়াৰটেকাৰ চৰকাৰ চলি আছে’’ ৷ মন্ত্ৰী হিমন্ত গৃহমন্ত্ৰী নে মুখ্যমন্ত্ৰী যে যাকে মন যায় তাকে জেলত ভৰাব বুলি কৈ তীব্ৰ ক্ষোভ উজাৰে অজিত কুমাৰ ভূঞাই ৷

লগতে পঢ়ক : ডিব্ৰুগড়ৰ নগৰৰ কৃত্ৰিম বান প্ৰতিৰোধৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.