গুৱাহাটী, ৩০ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ(Lok Sabha Election 2024) প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে আৰম্ভ কৰা 'ভাৰত জোড়ো যাত্ৰা'ৰ অসমত ১ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব (Bharat Jodo Yatra in Assam) । প্ৰায় ৭০ দিনত এই যাত্ৰাই ধুবুৰীৰ পৰা শদিয়ালৈকে মুঠ ৮৩৪ কিলোমিটাৰ বাট সম্পূৰ্ণ কৰিব ৷
ধুবুৰী জিলাৰ গোলোকগঞ্জ চহৰৰ পৰা আৰম্ভ হ'বলগীয়া এই 'ভাৰত জোড়ো যাত্ৰা'ই বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, গুৱাহাটী মহানগৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজেৰে আগবাঢ়ি শদিয়াত সমাপ্ত হ’ব । এই যাত্ৰাই কংগ্ৰেছ নেতা-কৰ্মীসকলৰ উপৰি সৰ্বসাধাৰণ ৰাইজ, বিভিন্ন দল-সংগঠনৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশা কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই (Assam Bharat Jodo Yatra schedule)।
ইতিমধ্যে 'ভাৰত জোড়ো যাত্ৰা অসম'ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পর্যায়ৰ নেতা-কর্মীসকল উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ ৩১ অক্টোবৰত ধুবুৰী জিলাত উপস্থিত হ'ব । এই কাৰ্যসূচীৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা সোমবাৰে বিয়লি ৩ বজাত ধুবুৰীত উপস্থিত হ’ব ।
সোমবাৰে পুৱা ৯ বজাত তেওঁ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিব ৷ ইয়াৰ পাছতেই বিয়লি ৩ বজাত গৌৰীপুৰত উপস্থিত হৈ মহামায়া মন্দিৰত প্ৰাৰ্থনা কৰিব । ইয়াৰ পাছত বিয়লি ৪ বজাত পাণবাৰী মছজিদত উপস্থিত হৈ দোৱা কৰিব । সন্ধিয়া ৬ বজাত ধুবুৰীৰ গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত কাৰ্যসূচীৰ সফল কামনাৰে প্ৰাৰ্থনা কৰিব । ১ নবেম্বৰ মঙলবাৰে পুৱা ৯ বজাত সত্ৰশালৰ শ্ৰীশ্ৰীধাম ৰামৰাইকুঠী সত্ৰৰ নামঘৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰিব ।
ইয়াৰ পাছত পুৱা ১১বজাৰ পৰা গোলোকগঞ্জৰ বেলগুড়িত 'ভাৰত জোড়ো যাত্ৰা অসম'ৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰিব । পুৱা ১ বজাৰ পৰা গোলোকগঞ্জৰ বেলগুড়িৰ পৰা 'ভাৰত জোড়ো যাত্ৰা অসম'ৰ পদযাত্ৰা আৰম্ভ কৰিব ।
ইফালে অসমত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ বিপৰীতে বিজেপিয়ে কৰিব 'ৰথ যাত্ৰা' । ৪ নবেম্বৰৰ পৰা বিজেপিয়ে ধেমাজিৰ পৰা 'ৰথ যাত্ৰা' আৰম্ভ কৰিব (Rath Yatra in Assam) ৷ ২৬ নবেম্বৰত বৰপেটাত এই ৰথ যাত্ৰাৰ সামৰণি পৰিব । ৩,২০০ খন গাঁও সামৰি বিজেপিয়ে কৰিব ৰথ যাত্ৰা ।
লগতে পঢ়ক : Accident in Baihata Chariali: ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ এচক’ৰ্ট বাহনত খুন্দা ট্ৰাকৰ