ETV Bharat / state

Scam allegation: দক্ষতা বিকাশৰ নামত অসমৰ থলুৱা প্ৰতিষ্ঠানক ধ্বংস কৰাৰ অভিসন্ধি কাৰ ?

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 6:42 PM IST

দক্ষতা বিকাশৰ নামত থলুৱাক বঞ্চনা কৰাৰ অভিযোগ জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে ৷ দুৰ্নীতিত নিমজ্জিত হোৱাৰ অভিযোগ থকা কোম্পানীৰ নাম সোমাল দক্ষতা বিকাশৰ প্ৰশিক্ষকৰ তালিকাত ৷ কংগ্ৰেছে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷

Scam allegation
minister Jayanta Malla Baruah
দক্ষতা বিকাশৰ নামত থলুৱাক বঞ্ছনা কৰাৰ অভিযোগ

গুৱাহাটী, ৪ অক্টোবৰ : দক্ষতা বিকাশৰ নামত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ তথা জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই । গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত ৰাতুল কলিতাই এই অভিযোগ কৰি কয় যে নিবনুৱা সমস্যাক লৈ বিজেপি অকণো চিন্তিত নহয় ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নেতৃত্বাধীন বিভাগটোৱে নিবনুৱা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে নিবনুৱা সমস্যা বৃদ্ধি কৰাতহে আগভাগ লৈছে । তেওঁ আৰ টি আইৰ তথ্য সদৰী কৰি কয় যে অসম দক্ষতা বিকাশ অভিযানৰ TP "Training Provider" ৰ নামত বিভাগটোৱে যোৱা ২১ জুলাই তাৰিখে এখন তালিকা প্ৰকাশ কৰিছে ।

তালিকাত নাম প্ৰকাশিত অধিকাংশ প্ৰতিষ্ঠানৰে দক্ষতা বিকাশ অভিযান, অসমে বান্ধি দিয়া নিৰ্ধাৰিত মাপকাঠি অনুসৰি যোগ্যতা নাই । আশ্বর্যজনকভাবে তালিকাত দুটাকৈ প্ৰবঞ্চক প্ৰতিষ্ঠানে প্ৰশিক্ষণৰ দায়িত্ব লাভ কৰিছে বুলিও অভিযোগ তোলে ৰাতুল কলিতাই।

আনহাতে এটা নতুন অনাভিজ্ঞ প্ৰতিষ্ঠানেও প্ৰশিক্ষণৰ দায়িত্ব লাভ কৰিছে এই তালিকাত । কিন্তু তালিকাৰ পৰা বাদ পৰিছে বহু অসমৰ থলুৱা প্ৰতিষ্ঠানৰ নাম । তেওঁ কয় যে থলুৱাক প্ৰবঞ্চনা কৰি বহিৰাগত ব্যৱসায়ী আৰু মন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ মালিকাধীন প্ৰতিষ্ঠানক দিয়া হৈছে প্ৰশিক্ষণৰ দায়িত্ব ।

প্ৰথমতে বিভাগটোৱে প্ৰশিক্ষণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল Online যোগে । বিজ্ঞাপনত স্পষ্টকৈ লিখা আছিল যে প্ৰশিক্ষণৰ বাবে ন্যূনতম তিনি বছৰৰ সফলতাৰে কাম কৰাৰ অভিজ্ঞতা থকাটো বাধ্যাতামূলক । কিন্তু ন্যূনতম তিনি বছৰ সফলতাৰে কাম কৰাৰ অভিজ্ঞতা নথকা "IDEAL ABHIJAN" আৰু NEI কনচালটিং প্ৰাইভেট লিমিটেড নামৰ দুই নতুন প্ৰতিষ্ঠান প্ৰশিক্ষক প্ৰতিষ্ঠানৰ তালিকাত কেনেকৈ তালিকাভুক্ত হ'ল বুলি কলিতাই প্ৰশ্ন কৰে ?

লগতে পঢ়ক: INDIA Alliance Party: 12 টা দল 14 টা সমষ্টি, কিদৰে আসন ভগাব বিগ ব্ৰাদাৰ কংগ্ৰেছে !

অভিযোগ অনুসৰি এই দুই প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ । আনহাতে দুটা প্ৰবঞ্চক প্ৰতিষ্ঠানৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত । এটা আজিতাক্স ভেনচাৰ্চ প্ৰাইভেট লিমিটেড, আনটো ভেলোৱাৰ ফেৱটেক্স প্ৰাইভেট লিমিটেড । আজিতাক্স ভেনচাৰ্চ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী কলকাতাৰ আলোক সৰকাৰে ভুৱা বিল দাখিল কৰি শ্ৰমিকৰ নামত ৮০ কোটি চৰকাৰী ধন সৰকাই নিছিল আৰু অৱশেষত গ্ৰেপ্তাৰ হৈছিল ।

আনহাতে প্ৰবঞ্চক আলোক সৰকাৰৰ ভাতৃ সুধীৰ সৰকাৰ আৰু সুভীৰ সৰকাৰৰ নামত এন আৰ ডি এছ (NRDS) মেনেজমেন্ট প্ৰাইভেট লিমিটেড নামৰ আন এটা কোম্পানী খুলি অসম দক্ষতা মিছন অভিযানৰ প্ৰশিক্ষকৰ তালিকাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আশীৰ্বাদত অন্তৰ্ভুক্ত কৰা হৈছে বুলি কলিতাই কয় ।

তেওঁ কয় যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ শ্ৰমিকৰ মজুৰি আত্মসাৎ কৰা আৰু চৰকাৰৰ কোটি কোটি লুণ্ঠন কৰা আলোক সৰকাৰৰ কোম্পানীক বৰপীৰা পাৰি দিছে । আন এটা প্ৰতিষ্ঠান ভেলোৱাৰ ফেবটেক্সৰ নামত বহু কেলেংকাৰিৰ অভিযোগ থকাৰ পিছতো কেনেকৈ প্ৰশিক্ষণৰ দায়িত্ব পালে ? যাৰ বাবে অভিজ্ঞতা থকা স্বত্বেও বহু থলুৱা অসমীয়া প্ৰতিষ্ঠান বাদ পৰিব লগীয়া হৈছে তালিকাৰ পৰা ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমীয়া থলুৱা প্ৰতিষ্ঠানক ধ্বংস কৰাৰ অভিসন্ধি ৰচিছে বুলি তেওঁ অভিযোগ কৰে । সংবাদমেলত কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাও উপস্থিত আছিল ।

লগতে পঢ়ক: Electricity tariff hike: ৰাইজৰ ওপৰত অন্যায় অত্য়াচাৰ সকলো চলাইছে বিজেপি চৰকাৰে; আপৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.