ETV Bharat / state

এইবাৰ বিতৰ্কত শংকৰদেৱ থিয়েটাৰ - শংকৰদেৱ থিয়েটাৰৰ নাট্যদল

ক্ৰমাণ্বয়ে যেন বৃদ্ধি পাইছে নাট্যদলসমূহৰ ভিতৰচৰাৰ সমস্যা ৷ এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে শংকৰদেৱ থিয়েটাৰ৷

shankardev theatre
শংকৰদেৱ থিয়েটাৰ বিতৰ্ক
author img

By

Published : Nov 29, 2019, 8:52 PM IST

Updated : Nov 29, 2019, 9:23 PM IST

গুৱাহাটী,29 নৱেম্বৰঃ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত 2019-20 বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা শংকৰদেৱ থিয়েটাৰৰ একাংশ কলা-কুশলীয়ে সম্বোধন কৰে সংবাদমেল ৷ তেওঁলোকৰ অভিযোগ কোনো কাৰণ নোহোৱাকৈ 1 মাহ ধৰি প্ৰদৰ্শনী বন্ধ হৈ আছে থিয়েটাৰখনৰ ৷ কিন্তু শংকৰদেৱ থিয়েটাৰ কি কাৰণে বন্ধ হ'ল মালিক কৰ্তৃপক্ষই এবাৰো নজনালে কলা-কুশলীসকলক ৷ ইফালে প্ৰযোজকে বহিঃজগতত কলা-কুশলীৰ সহযোগিতা নথকাৰ বাবে থিয়েটাৰ বন্ধ হোৱাৰ অভিযোগ দিয়াৰ বিপৰীতে শিল্পীসকলৰ অভিযোগ প্ৰযোজক মানস কলিতাই 4 বছৰ ধৰি ৰাজমুকুট নামৰ আন এখন থিয়েটাৰ চলাই আছে ৷ প্ৰযোজকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি এইদৰে সংবাদমেল সম্বোধন কৰে শংকৰদেৱ থিয়েটাৰৰ কলা-কুশলী সকলে ৷

লগতে চাওকঃঅসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

Intro:এইবাৰ বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে শংকৰদেৱ থিয়েটাৰBody:ভ্ৰাম্যমান নাট্যদলসমূহৰ ভিতৰচৰাত চলি থকা বিশৃংখলতাৰ যেন অন্তই নপৰিব ৷ এইবাৰ বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে শংকৰদেৱ থিয়েটাৰ ৷ শুকুৰবাৰে দিচপুৰ প্ৰেছক্লাৱত 2019-20 বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা একাংশ কলা কুশলীয়ে সংবাদমেল সম্বোধন কৰে ৷ তেওঁলোকৰ অভিযোগ কোনো কাৰণ নোহোৱাকৈ 1 মাহ ধৰি প্ৰদৰ্শনী বন্ধ হৈ আছে থিয়েটাৰৰ৷ কিন্ত্ কি কাৰনে বন্ধ হল মালিকে আমাক এবাৰো নজনালে ৷ প্ৰযোজকে বাহিৰত কৈ ফুৰিছে যে আৰ্টিষ্টৰ support নাছিল বাবে বন্ধ হল ৷ শিল্পীসকলৰ অভিযোগ প্ৰযোজক মানস কলিতাই 4 বছৰ ধৰি ৰাজমুকুট নামৰ আন এখন থিয়েটাৰ চলাই আছে ৷ যেতিয়া আমাক চুক্তিবদ্ধ কৰা হৈছিল কোৱা হৈছিল যে ডাঙৰ ৰাজমুকুটৰ দৰেই হব ৷ কিন্ত
প্ৰথম দিনাই শ্ব কৰিব পৰা নাই ৷ বিভিন্ন খেলি মেলিৰ বাবে প্ৰদৰ্শন কৰিব পৰা নাছিল নাটকৰ ৷ তেওঁলোকে আৰু কয় যে sound syetem টো আমাৰ নহয় বুলি পিছত গম পাইছিলো ৷ মালিকে পাছত হে বেলেগৰ বুলি স্বীকাৰ কৰিছিল ৷ সেইটো ভাড়াত লৈছিল প্ৰযোজকে৷ কোনো কাৰনত পিছত সেইটো লৈ গল ৷ প্ৰযোজকৰ নিজা চকীও নাই আমি কমিটিৰ পৰা ভাৰাত লও বুলি মন্তব্য কৰিলে সংবাদমেলত ৷ শ্ব কৰিব যাবলৈ বাছৰ সুবিধা নাছিল ৷ যাৰ বাবে সময়মতে প্ৰদৰ্শনস্থলী গৈ নাপাও ৷যাৰ বাবে বাতিল হয় নাটকৰ প্ৰদৰ্শন ৷ কিন্ত মালিকে আগতে পইচা লৈ থৈ দিয়ে ৷ এনে পৰিস্থিতিত কোনো দিনেই ফোন কৰি নাপাও ৷কোনো দিনেই আলোচনাত নবহে ৷শ্বৰ আখৰাৰ সময়তে advance দিম কৈছিল ৷ কিন্তু বৰ্তমানলৈকে পইচা নাই পোৱা কলা কুশলীয়ে ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
Last Updated : Nov 29, 2019, 9:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.