ETV Bharat / state

সংবাদিকতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰতিক্ৰিয়া ডিজিটেল মিডিয়া জাৰ্ণেলিষ্ট ফ'ৰামৰ - reaction of Digital Media Journalist Forum Assam

মুখ্যমন্ত্ৰীয়ে সাংবাদিক তথা সাংবাদিকতা সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য কৰা বুলি প্ৰতিক্ৰিয়া (reaction on CM Himanta Biswa remarks) প্ৰকাশ কৰিছে ডিজিটেল মিডিয়া জাৰ্ণেলিষ্ট ফ'ৰাম, অসমে (reaction of Digital Media Journalist Forum Assam) ।

Himanta Biswa
Himanta Biswa
author img

By

Published : Aug 31, 2022, 4:26 PM IST

গুৱাহাটী, ৩১ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয় (Himanta Biswa Sarma at BJP state office) চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংবাদিক তথা সাংবাদিকতা সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য কৰা বুলি প্ৰতিক্ৰিয়া (reaction on CM Himanta Biswa remarks) প্ৰকাশ কৰিছে ডিজিটেল মিডিয়া জাৰ্ণেলিষ্ট ফ'ৰাম, অসমে (reaction of Digital Media Journalist Forum Assam) ।

সংবাদিকতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰতিক্ৰিয়া ডিজিটেল মিডিয়া জাৰ্ণেলিষ্ট ফ'ৰামৰ

উল্লেখ্য, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সামাজিক মাধ্যমত কৰা এক মন্তব্যৰ আধাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অৰবিন্দ কেজৰিৱালৰ কথা সুধিলে সংবাদ গোষ্ঠীসমূহৰ মালিকক সাংবাদিকৰ দৰমহা কাটিবলৈ ক'ব বুলি উল্লেখ কৰিছিল (Himanta Biswa reacted on Arvind Kejriwal) । উক্ত মন্তব্য সন্দৰ্ভত ডিজিটেল মিডিয়া জাৰ্ণেলিষ্ট ফ'ৰামৰ দাবী, সংবাদ মাধ্যমৰ মালিকপক্ষৰ লগত মুখ্যমন্ত্ৰীৰ ইমানেই ভাল সম্পৰ্ক আছে বা সংবাদ গোষ্ঠীৰ মালিকপক্ষই তেওঁৰ কথা আখৰে আখৰে মানি কৰ্মৰত সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে ।

তাৰ প্ৰতিক্ৰিয়াত ফ'ৰামে এক বিবৃতিৰে মুখ্যমন্ত্ৰীৰ এই আচৰণক কঠোৰ ভাষাৰে সমালোচনা কৰি গৰিহণা দিয়ে (condemned CM remarks on journalist) । বিবৃতিটোত ফ'ৰামৰ সভাপতি বেদব্ৰত বৰা আৰু সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাই কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা এজন ব্যক্তিয়ে এনে মন্তব্য কৰাটো কেতিয়া শোভা নাপায় আৰু ই সুস্থ চিন্তা আৰু গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি চৰম ভাবুকি । ফ'ৰামে বিবৃতিটোত আঙুলিয়াই দিয়ে যে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ কিমান তৎপৰ হৈ উঠিছে সেয়া তেওঁৰ বক্তব্যই পুনৰ প্ৰমাণ কৰিছে ।

আনহাতে, বিবৃতিটোৰ জৰিয়তে ফ'ৰামে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক একেলগ হৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । নহ'লে শাসকীয় দল আৰু চৰকাৰৰ এই প্ৰৱণতাই সাংবাদিক আৰু সামগ্ৰিকভাৱে সংবাদ মাধ্যমৰ প্ৰতি আৰু অধিক ভাবুকি কঢ়িয়াই আনিব বুলি সংগঠনটোৱে শংকা প্ৰকাশ কৰে ।

লগতে পঢ়ক :অনুশাসন ভংগৰ অভিযোগত আলফা সদস্যক মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.