ETV Bharat / state

নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:54 PM IST

Assam Book Fair : ২৯ ডিচেম্বৰ পৰা আৰম্ভ হোৱা গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ মঙলবাৰে সামৰণি পৰে ৷ ৮ জানুৱাৰীলৈ ৪ কোটি ৬০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ লগতে এইবাৰ বেছিকৈ শিশুৰ গ্ৰন্থ বিক্ৰী হৈছে ৷

Concluded Guwahati Assam Book Fair
সামৰণি পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা
সামৰণি পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা

গুৱাহাটী, ৯ জানুৱাৰী : আজি সামৰণি পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা । সামৰণিৰ দিনটোত পুথিপ্ৰেমীৰে ঠাহ খাই পৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা গুৱাহাটীৰ অসম গ্ৰন্থমেলাত ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আহিবলৈ আৰম্ভ কৰা গ্ৰন্থপ্ৰেমীয়ে বিয়লিৰ ভাগত কেবা সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰে ৷

প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে গ্ৰন্থমেলাৰ সামৰণি পৰে । পঢ়ুৱৈ পাঠকৰ সঁহাৰিয়ে উৎফুল্লিত কৰিছে গ্ৰন্থ প্ৰকাশকসকলক । এইবাৰ গ্ৰন্থমেলাত সকলো ধৰণৰ গ্ৰন্থই পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছ । উপন্যাস, গল্প, কবিতা, শিশু সাহিত্য সকলোৰে বিক্ৰী আশা কৰা ধৰণে হৈছে বুলি প্ৰকাশ কৰিছে বিক্ৰেতাসকলে ।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, ‘‘গ্ৰন্থমেলাত নতুনত্ব আনিবলৈ যত্ন কৰিছো । গ্ৰন্থমেলাত প্ৰতিদিনে গঢ়ে ২৫ হাজাৰ লোকৰ সমাগম ঘটিছে । ২৯ ডিচেম্বৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাত ১৩৫ টা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ৷ ৮ জানুৱাৰীলৈ ৪ কোটি ৬০ লাখ টকাৰ গ্ৰন্থৰ বিক্ৰী হৈছে । নিশালৈ ৫ কোটি টকা বিক্ৰী হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ এইবাৰ শিশুৰ গ্ৰন্থ বিক্ৰী বেছি হৈছে’’ ।

আজি বিয়লি গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ বিশিষ্ট লেখক দীপ হালদাৰ আৰু মোহিত ৰয়ে ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, বিজ্ঞানী ড৹ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷

লগতে পঢ়ক : আঠ দিনত গ্ৰন্থমেলাত আঢ়ৈ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী অসম গ্ৰন্থমেলাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.