ETV Bharat / state

মালিগাঁৱত কৰ'ণাৰ সামাজিক সংক্ৰমণৰ আশংকা - ট্ৰেভেল হিষ্ট্ৰী

ট্ৰেভেল হিষ্ট্ৰী নথকাকৈয়ে মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ যাক লৈ অধিক তৎপৰ হৈছে জিলা প্ৰশাসন ৷

মালিগাঁৱত কৰ'ণাৰ সামাজিক সংক্ৰমণৰ আশংকা
মালিগাঁৱত কৰ'ণাৰ সামাজিক সংক্ৰমণৰ আশংকা
author img

By

Published : Jun 14, 2020, 6:21 PM IST

Updated : Jun 14, 2020, 7:03 PM IST

গুৱাহাটী, 14 জুনঃ অস্বাভাৱিকভাৱে গুৱাহাটীত ট্ৰেভেল হিষ্ট্ৰী নথকা লোকৰ দেহত COVID-19ৰ অৱস্থিতি পোৱাত, সম্প্ৰতি মহানগৰীত সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে ৷ মালিগাঁৱত শেহতীয়াকৈ কেইবাগৰাকীও লোকৰ দেহত কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাকৈয়ে পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷ শনিবাৰেও পাণ্ডুৰ ৰাজেশ মোদক নামৰ এজন যুৱকৰ কৰ'ণা আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে ৷ যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে, সমগ্ৰ অঞ্চলটো কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷

মালিগাঁৱত কৰ'ণাৰ সামাজিক সংক্ৰমণৰ আশংকা

দেওবাৰে এলেকাটোত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ স্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ৷ কিন্তু আক্ৰান্ত যুৱকজন শনিবাৰে পুৱাৰ ভাগত বজাৰলৈ গৈছিল ৷ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল যুৱকজন ৷ জানিব পৰা মতে, ইতিমধ্যে জ্বৰত আক্ৰান্ত হৈ আছে যুৱকজনৰ পৰিয়ালৰ অন্য সদস্যও ৷ আনহাতে পাণ্ডুৰ জয়মতী নগৰো সম্প্ৰতি কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ কিয়নো এলেকাটোৰ মানিক পাল নামৰ এগৰাকী লোকৰ দেহতো কোনো হিষ্ট্ৰী নথকায়ে পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ এই ঘটনাক লৈ এতিয়া অধিক তৎপৰ হৈছে জিলা প্ৰশাসন ৷

লগতে পঢ়কঃ কোৱাৰেন্টাইন কেন্দ্ৰত দুই যুৱতীৰ মন জুৰুৱা গীত

Last Updated : Jun 14, 2020, 7:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.