ETV Bharat / state

Arjuna Award 2022: অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেল্থ গেমছৰ স্বৰ্ণ বিজয়ী নয়নমণি

author img

By

Published : Nov 6, 2022, 12:09 PM IST

ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত Commonwealth Games 2022 ত লনবল প্ৰতিযোগিতাত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়াই । তেওঁ গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াতো লন বলত পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । এই সাফল্য়ৰ বাবেই এইবাৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে খেলুৱৈ গৰাকীক ।

Arjuna Award 2022
অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেল্থ গেমছৰ স্বৰ্ণ জয়ী নয়নমণি

গুৱাহাটী,৬ নবেম্বৰ: ক্ৰীড়াৰ ক্ষেত্রখনত ঈৰ্ষণীয় সফলতা অৰ্জন কৰা অসমৰ নয়নমণি শইকীয়াক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে (Nayanmani Saikia nominated for Arjuna Award) । অৰ্জুন বঁটাৰ বাবে দেশৰ ২৫ গৰাকী খেলুৱৈক মনোনীত কৰা হৈছে । ইয়াৰ ভিতৰত আছে অসমৰ নয়নমণি (Arjuna Award 2022) ।

উল্লেখ্য যে, ইংলণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছৰ লন বলত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াই শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াতো লন বলত পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল (National Games in Gujrat)। এই সাফল্যৰ পিছতে ৰাজ্য চৰকাৰে তেওঁক ছেপ্টেম্বৰত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছিল ।

এটি প্ৰায় আঠ বছৰীয়া শিশুৰ মাতৃ হৈয়ো ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত Commonwealth Games 2022 ত লনবল প্ৰতিযোগিতাত সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়াই । নয়নমণি সৰুৰে পৰা ভাৰোত্তলন খেলৰ প্ৰতি আগ্ৰহী আছিল ।

তেওঁ সৰুপথাৰৰ চ্য়ুকাফা ক্লাৱত ভাৰোত্তলনৰ প্ৰশিক্ষণ লৈছিল । ২০০০ চনৰ পৰা নয়নমণিয়ে ভাৰোত্তলন খেলৰ বাবে গোলাঘাট Sports Authority of India চমুকৈ SAI ত যোগদান কৰিছিল ৷ তাৰ পিছত ২০০৫ চনত গুৱাহাটী SAI ত যোগাদান কৰে নয়নমণিয়ে । যদিও পিছত হাতৰ আঘাতৰ বাবে ভাৰোত্তলনৰ পৰিৱৰ্তে গুৱাহাটীত লনবল খেলৰ বাবে আগ্ৰহী হয় ।

পৰৱৰ্তী পৰ্যায়ত লনবলৰ প্ৰতি একান্ত আগ্ৰহ আৰু একাগ্ৰহতাৰ বাবে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছিল নয়নমণি শইকীয়া । ক্ৰীড়াক্ষেত্ৰত দেখুওৱা ধাৰাবাহিক পাৰদৰ্শিতাৰ বাবে ২০১১ চনত নয়নমণিয়ে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল পদতো নিযুক্তি লাভ কৰে । ২০১৩ চনত সৰুপথাৰৰ টেঙাহোলাৰ ভাস্কৰ গোহাঁইৰ সৈতে বিবাহ পাশত আবদ্ধ হয় নয়নমণিয়ে । বিবাহৰ পিছতো পিছলৈ ঘূৰি চোৱা নাছিল নয়নমণিয়ে । লনবলত এটাৰ পিছত এটা পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে এইগৰাকী খেলুৱৈয়ে ।

লগতে পঢ়ক:Lt Gen Rana Pratap Kalita : নৱ প্ৰজন্মৰ বাবে কাম কৰিবলৈ আগ্ৰহী লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.