গুৱাহাটী, ৩০ এপ্ৰিল: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কোচিন শ্বিপয়ার্ড লিমিটেডৰ(Cochin Shipyard Limited) জৰিয়তে দেশৰ প্ৰথমখন থলুৱা হাইড্ৰ'জেন ইন্ধনযুক্ত বৈদ্যুতিক জাহাজ নিৰ্মাণৰ সিদ্ধান্ত লৈছে (Hydrogen Fueled Ship)। যাৰ যোগেদি ভাৰতত সেউজ জাহাজ চলাচলৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টাৰ আৰম্ভণি হ'ব । শনিবাৰে কোচিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কোচিন শ্বিপয়ার্ড লিমিটেড আৰু শক্তি তথা সম্পদ প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা সেউজ পৰিবহণ সম্পৰ্কীয় কর্মশালাত মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু বিশ্বব্যাপী সামুদ্ৰিক সেউজ পৰিৱৰ্তনৰ সৈতে তাল মিলাই হাইড্ৰ'জেন ইন্ধনযুক্ত বৈদ্যুতিক জাহাজ নিৰ্মাণৰ ভাৰত চৰকাৰৰ পৰিকল্পনা মুকলি কৰে (Sarbananda Sonowal in green shipping workshop) ৷
সেউজ শক্তি, বহনক্ষম ব্যয়সাপেক্ষ বৈকল্পিক ইন্ধনৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ উদ্ভাৱনীমূলক আৰু নতুন প্ৰযুক্তিগত পৰিৱৰ্তনশীল প্ৰচেষ্টাৰ অংশ হৈছে এই অভিলাষী পদক্ষেপ (Cochin Shipyard to build indigenous hydrogen fuelled vessels)। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী সোণোৱালে কয় যে, ভাৰতীয় অংশীদাৰসকলৰ সহযোগত কোচিন শ্বিপয়ার্ড লিমিটেডে উক্ত প্ৰকল্পক বাস্তৱ ৰূপ প্ৰদান কৰিব আৰু এইক্ষেত্ৰত ভূমিগত কাম ইতিমধ্যে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগী হৈছে ২০৭০ চনৰ ভিতৰত যাতে ভাৰত কাৰ্বন নিৰপেক্ষ দেশলৈ ৰূপান্তৰিত হয় ।
সোণোৱালে কয় যে, মোদীৰ এই লক্ষ্য প্ৰাপ্তিৰ দিশত ভাৰতে এক সবল ভূমিকা গ্ৰহণ কৰিব আৰু লগতে আন্তর্জাতিক সামুদ্ৰিক সংস্থা (আই এম অ')ৰ দ্বাৰা নিৰ্ধাৰিত মান অনুসৰণ কৰিব । যিয়ে ২০৩০ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলৰ ক্ষেত্ৰত কাৰ্বনৰ তীব্ৰতা কমেও ৪০ শতাংশ আৰু ২০৫০ চনৰ ভিতৰত ক্ৰমান্বয়ে ৭০ শতাংশলৈ হ্ৰাস কৰাৰ সম্ভাৱনা আছে । সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ভাৰত এক বহনক্ষম আৰু পৰিষ্কাৰ পৰিৱেশৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় ছ'লাৰ মিত্ৰজোঁটৰ অংশ হিচাপে 'এক সূর্য-এক বিশ্ব-এক গ্ৰিড' পদক্ষেপৰ বাবে সকলোকে আহ্বান জনাইছে ।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়া, কোচিন শ্বিপয়ার্ড লিমিটেড, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠানৰ সেউজ যাত্ৰা-২০৫০ প্ৰকল্পৰ বাবে ভাৰতক অগ্ৰগামী মুখ্য দেশ হিচাপে নিৰ্বাচিত কৰা হৈছে ।
অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে ক্ৰয় কৰা যাত্ৰীবাহী ফেৰীসমূহক আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠানৰ সেউজ ভ্ৰমণ দল আৰু জাহাজ পৰিবহণ সঞ্চালকালয়ৰ দ্বাৰা বৈকল্পিক ইন্ধন সমাধান বিকশিত কৰাৰ চাৰিটা প্ৰকল্পৰ ভিতৰত এটা হিচাপে বাছনি কৰা হৈছে । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে কোচিন শ্বিপয়ার্ড লিমিটেডে সামুদ্ৰিক খণ্ডত নিয়োজিত ষ্টাৰ্ট-আপ কোম্পানীসমূহত ৫০ কোটি টকাৰ প্ৰাৰম্ভিক পুঁজি বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
শনিবাৰে বিয়লি কেৰেলাৰ কোচিত আয়োজিত কোচিন শ্বিপয়ার্ড লিমিটেডৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত সোণোৱালে এই কথা ঘোষণা কৰাৰ লগতে লিমিটেডৰ ষ্টাৰ্ট-আপ এনগেজমেণ্ট ফ্ৰেমৱৰ্কৰ শুভ উন্মোচন কৰে । ভাষণ প্ৰসংগত সোণোৱালে উল্লেখ কৰে যে ভাৰত চৰকাৰে ষ্টাৰ্ট-আপ ব্যৱস্থাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । ষ্টাৰ্ট-আপ ইণ্ডিয়া আদিৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহে দেশত অসংখ্য ষ্টাৰ্ট-আপৰ বিকাশত সহায় কৰিছে । সামুদ্ৰিক ক্ষেত্ৰত ষ্টাৰ্ট-আপৰ বিকাশৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে এক ষ্টার্ট-আপ এনগেজমেণ্ট ফ্ৰেমৱৰ্কৰ সন্দৰ্ভত কাম কৰি আছে, যাক শীঘ্ৰেই মুকলি কৰা হ'ব ।
দেশৰ প্ৰথমখন থলুৱা বিমান বাহক নির্মাণকে ধৰি যোৱা পাঁচ দশকত কোচিন শ্বিপয়ার্ড লিমিটেডে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অনবদ্য অৱদান আগবঢ়োৱাৰ লগতে বিভিন্ন উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে । অনুষ্ঠানত লগতে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমাৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ, কেৰেলা চৰকাৰৰ শিক্ষা আৰু শ্ৰম মন্ত্ৰী ভি শিৱনকুট্টি প্রমুখ্যে স্থানীয় বিধায়ক, অন্যান্য গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।
লগতে পঢ়ক: অসম মেঘালয় সীমান্তৱৰ্তী খাৰখুঁটাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ Paragliding Accuracy Championship