ETV Bharat / state

ৰাজ্যত কয়লা চিণ্ডিকেটৰ লগত জড়িত বিজেপি দলৰ কর্মীঃ দুৰ্গা দাস বড়ো - ৰাজ্যত কয়লা চিণ্ডিকেটৰ লগত জড়িত বিজেপি দলৰ কর্মীঃ দুৰ্গা দাস বড়ো

ৰাজ্যৰ বিজেপি চৰকাৰখন চিণ্ডিকেটৰ নায়কত পৰিণতি হৈছে বুলি গুৰুত্বৰ অভিযোগ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ । ৰাজ্যত কয়লা চিণ্ডিকেটৰ লগত বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াৰ লগতে বিজেপি দলৰ কর্মী জড়িত থকাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ গৰাকীৰ ।

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল
author img

By

Published : Sep 17, 2019, 10:25 PM IST

গুৱাহাটী, 17 চেপ্তেম্বৰঃ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিজেপি চৰকাৰৰ দিনত ৰাজ্যত মুকলি ভাবে কয়লা চিণ্ডিকেট অব্যাহত থকাৰ অভিযোগ উত্থাপন কৰি দুৰ্গা দাস বড়ো কয় যে দুৰ্নীতিৰ ক্ষেত্ৰৰ শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে ৰাজ্যত কোনো ধৰণৰ চিণ্ডিকেট নাই বুলি দম্ভালি মাৰি থাকে যদিও প্ৰকৃতাৰ্থত এই কথা সম্পূৰ্ণ মিছা । বিজেপি চৰকাৰখনৰ দিনত উজনি অসমৰ লিডু, মাৰ্ঘেৰিটাৰত মুকলিকৈ চলি আছে কয়লাৰ অবৈধ ব্যৱসায় । উজনি অসমৰ পৰা দিনে নিশাই হাজাৰ হাজাৰ কয়লা ভৰ্তি ট্ৰাক ওলাই যোৱাৰ অভিযোগ উত্থাপন কৰে দুৰ্গা দাস বড়োৱে ।

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ দুৰ্গা দাস বড়োৰ সংবাদমেল

দুৰ্গা দাস বড়োৱে অভিযোগ উত্থাপন কৰি কয় যে, কয়লাৰ এই চিণ্ডিকেটৰ অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াৰ লগতে বিজেপি কর্মী জড়িত আছে । ৰাজ্যত কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা ১৯ গৰাকী লোকৰ নাম ৰাজহুৱা হোৱাৰ পিছতো চৰকাৰে এই লোকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি বুলিও প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ গৰচকীয়ে । কয়লা চিণ্ডিকেটৰ লগত জড়িত এই ১৯ গৰাকী লোকৰ ভিতৰত মাৰ্ঘেৰিটাৰৰ বিজেপি বিধায়ক গৰাকীৰ পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ লোক থকাৰো অভিযোগ উত্থাপন কৰে বড়োৱে । উজনি অসমৰ বনাঞ্চল সমূহৰ বিভিন্ন অঞ্চলত কয়লা চিণ্ডিকেটৰ লগত জড়িত ব্যক্তি সকলে অবৈধ ভাবে খনন কাৰ্য চলাই থকাৰো অভিযোগ উত্থাপন কৰিছে দুৰ্গা দাস বড়োৱে । দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে এতিয়া কংগ্ৰেছৰ এই অভিযোগৰ ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰদান কৰে সেই কথা লক্ষণীয় হ'ব ।

Intro:ৰাজ্যৰ বিজেপি চৰকাৰখন চিণ্ডিকেটৰ নায়কত পৰিণতি হৈছে বুলি গুৰুত্বৰ অভিযোগ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ। ৰাজ্যত কয়লা চিণ্ডিকেটৰ লগত বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াৰ লগতে বিজেপি দলৰ কর্মী জড়িত থকাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ গৰাকীৰ।

Body:ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ দুৰ্গা দাস বড়ো আজি এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। বিজেপি চৰকাৰৰ দিনত ৰাজ্যত মুকলি ভাবে কয়লা চিণ্ডিকেট অব্যাহত থকাৰ অভিযোগ উত্থাপন কৰি দুৰ্গা দাস বড়ো কয় যে দুৰ্নীতিৰ ক্ষেত্ৰৰ শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে ৰাজ্যত কোনো ধৰণৰ চিণ্ডিকেট নাই বুলি দম্ভালি মাৰি থাকে যদিও প্ৰকৃতাৰ্থত এই কথা সম্পূৰ্ণ মিছা। বিজেপি চৰকাৰখনৰ দিনত উজনি অসমৰ লিডু, মাৰ্ঘেৰিটাৰত মুকলিকৈ চলি আছে কয়লাৰ অবৈধ ব্যৱসায়। উজনি অসমৰ পৰা দিনে নিশাই হাজাৰ হাজাৰ কয়লা ভৰ্তি ট্ৰাক ওলাই যোৱাৰ অভিযোগ উত্থাপন কৰে দুৰ্গা দাস বড়োৱে। দুৰ্গা দাস বড়োৱে অভিযোগ উত্থাপন কৰি কয় কয়লাৰ এই চিণ্ডিকেটৰ অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াৰ লগতে বিজেপি কর্মী জড়িত আছে। ৰাজ্যত কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা ১৯ গৰাকী লোকৰ নাম ৰাজহুৱা হোৱাৰ পিছতো চৰকাৰে এই লোক সকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি বুলিও প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপত্ৰ গৰচকীয়ে। কয়লা চিণ্ডিকেটৰ লগত জড়িত এই ১৯ গৰাকী লোকৰ ভিতৰত মাৰ্ঘেৰিটাৰৰ বিজেপি বিধায়ক গৰাকীৰ লোক থকাৰো অভিযোগ উত্থাপন কৰে বড়োৱে।

বাইট : দুৰ্গা দাস বড়ো, মুখপত্ৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Conclusion:উজনি অসমৰ বনাঞ্চল সমূহৰ বিভিন্ন অঞ্চলত কয়লা চিণ্ডিকেটৰ লগত জড়িত ব্যক্তি সকলে অবৈধ ভাবে খনন কাৰ্য চলাই থকাৰো অভিযোগ উত্থাপন কৰিছে দুৰ্গা দাস বড়োৱে। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰখনে এতিয়া কংগ্ৰেছৰ এই অভিযোগৰ ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰদান কৰে দেখিবলগীয়া হ'ব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.