ETV Bharat / state

Operation Against Child Marriage: এসপ্তাহত গ্ৰেপ্তাৰ ২,৬৬৬ জন বাল্য বিবাহত অভিযুক্ত - Himanta Biswa Sarma twitted on child marriage

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ টুইট । বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত থাকিব । এতিয়ালৈকে ২,৬৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (2666 arrested for child marriage in Assam) । সামাজিক শত্ৰুৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব । সামাজিক অপৰাধৰ বিৰুদ্ধে চলা এই অভিযানত অসমৰ ৰাইজৰ সমৰ্থন বিচাৰে মুখ্যমন্ত্রীয়ে ।

ghy
ghy
author img

By

Published : Feb 9, 2023, 4:45 PM IST

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান (operation against child marriage in Assam) । বিগত এসপ্তাহ ধৰি ৰাজ্যত অব্যাহত থকা এই অভিযানক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও মুখ্যমন্ত্রীৰ নিৰ্দেশত আৰক্ষীয়ে চলাই গৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া (Assam CM ordered operation against child marriage) । বৃহস্পতিবাৰে বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযান সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Himanta Biswa Sarma twitted on child marriage) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রীয়ে কয় যে বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব আৰু এতিয়ালৈকে ২,৬৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (2666 arrested for child marriage in Assam) । সামাজিক শত্ৰুৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে সামাজিক অপৰাধৰ বিৰুদ্ধে চলা এই অভিযানত অসমৰ ৰাইজৰ সমৰ্থন কামনা কৰে । উল্লেখ্য যে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চাৰি সহস্ৰাধিক গোচৰ ৰুজু হোৱাৰ বিপৰীতে এতিয়ালৈকে ২৬৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যত আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে হঠাতে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ উপৰি পৰিয়ালৰ লোক, কাজী, মৌলানা আৰু পুৰোহিতো আছে । ৰাজ্যৰ থানাসমূহ এতিয়া বাল্য বিবাহৰ গোচৰক লৈ ব্যস্ত হৈ পৰিবলগীয়া হৈছে ।

বাল্য বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ টুইট
বাল্য বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ টুইট

ইফালে কাৰাগাৰত ঠাইৰ অভাৱ হোৱাত বিভিন্ন স্থানত নিৰ্মাণ কৰা হৈছে অস্থায়ী কাৰাগাৰ । ইতিমধ্যে অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে বাল্য বিবাহ-বিৰোধী অভিযানৰ অভিযুক্তসকলক । ইফালে বিভিন্ন দল-সংগঠনে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে হঠাতে চলোৱা ব্যাপক অভিযানক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াক অনৈতিক আখ্যা দিছে । কিন্তু ব্যাপক প্ৰতিবাদ আৰু সমালোচনাৰ পাছতো ৰাজ্য চৰকাৰ নিজৰ স্থিতিত অটল হৈ আছে । এইক্ষেত্ৰত চৰকাৰে সদায়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে সদৰী কৰিছে ।

বাল্য বিবাহত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ

মুখ্যমন্ত্রীৰ মতে, ৰাজ্যৰ লাখ লাখ ছোৱালীক ভৱিষ্যতে বাল্য বিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট কৰিবই লাগিব । আনহাতে, মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, ১৪ বছৰৰ ওপৰৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষে জামিন পাব । কিন্তু ১৪ বছৰৰ তলৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষৰ ক্ষেত্ৰত জামিনবিহীন ধাৰা প্ৰয়োগ কৰা হ'ব ।

লগতে পঢ়ক :Pregnant Teenager Died: আৰক্ষীৰ ভয়ত ঘৰতেই সন্তান প্ৰসৱ কৰোৱাৰ চেষ্টা; যোগীঘোপাত 16 বছৰীয়া অন্তঃসত্বাৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.