ETV Bharat / state

ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল - Charge sheet filed against suspended DIG Raunak Ali Hazarika

নিলম্বিত আৰক্ষী উপ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে সোমবাৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে (Charge sheet filed against suspended DIG Raunak Ali Hazarika) ৷ গ্ৰেপ্তাৰৰ ১০৯ দিনৰ অন্তত অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰি বিশেষ তদাৰকী কোষে দাখিল কৰা অভিযোগনামাত ৰৌণক আলি হাজৰিকাৰ পত্নীৰ লগতে ফৰিদ আলিৰ নামো সন্নিৱিষ্ট হৈছে ৷

Raunak Ali Hazarika
ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল
author img

By

Published : Jan 24, 2022, 9:46 PM IST

গুৱাহাটী, ২৪ জানুৱাৰী : নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে সোমবাৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে ০৬/২০২১ নম্বৰ গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰে (Charge sheet filed against suspended DIG Raunak Ali Hazarika)। দাখিল কৰা চূড়ান্ত অভিযোগনামাত ৰৌণক আলি হাজৰিকা উপৰিও পত্নী নুছৰত ৰৌনক হাজৰিকা আৰু ফৰিদ আলিৰ নাম উল্লেখ্য আছে ।

১৫৬ পৃষ্ঠাজোৰা অভিযোগনামাত তিনিওৰে বিৰুদ্ধে ধাৰা সন্নিবিষ্ট কৰিছে বিশেষ তদাৰকী কোষে । অভিযোগনামাত উল্লেখ কৰা অনুসৰি আয়তকৈ (১৮২.১৯) 182.19% অধিক সম্পত্তি আছে ৰৌণক আলি হাজৰিকাৰ । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (সীমান্ত) ৰৌণিক আলি হাজৰিকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত ১০৯ দিনত সম্পূৰ্ণ কৰে ।

উল্লেখ্য যে, ৫ অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা নিলম্বিত ডি আই জি হাজৰিকাক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে । বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰৌণক আলী হাজৰিকাই চাকৰি কাৰ্যকালত গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল । তাৰ বিৰুদ্ধেও অন্য এটা গোচৰ ইতিমধ্যে ৰুজু হৈছে ৷

লগতে পঢ়ক: FIR against Kirtikamal Bora : কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.