গুৱাহাটী, ৪ নৱেম্বৰ : প্ৰসাৰ ভাৰতীয়ে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰক কেৱল ৰীলে চেন্টাৰলৈ পৰিৱৰ্তিত কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
![cm letter to prakash javedkar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9766368_hhd.jpg)
পত্ৰখনত সোণোৱালে দুয়োটা কেন্দ্ৰকে বৰ্তমানৰ ৰূপত বাহাল ৰাখিবলৈ অনুৰোধ জনায় কেন্দ্ৰীয় চৰকাৰক । কিয়নো, দুয়োটা কেন্দ্ৰই নিজ গৰিমাৰে সুদীৰ্ঘ সময়জুৰি বৃহত্তৰ অঞ্চলটোত সেৱা আগবঢ়াই আহিছে । ১৯৯৩ চনৰ মে' মাহৰ পৰাই পূৰ্ণাংগ ৰূপত কামকাজ চলাই আহিছে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই । একেদৰে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰইও ২০১৯ চনত ৫০ বছৰ অতিক্ৰম কৰিছে । দুয়োটা কেন্দ্ৰই দীৰ্ঘ সময়জুৰি অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও পত্ৰখনত সোণোৱালে উল্লেখ কৰে ।
![cm letter to prakash javedkar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9766368_jj.jpeg)
লগতে পঢ়ক : বন্ধ হোৱাৰ দিশে আকাশবাণী ডিব্ৰুগড় : প্ৰতিবাদত নামিল কৰ্মচাৰী