ETV Bharat / state

অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে ?

author img

By

Published : Sep 17, 2020, 5:09 AM IST

সদৌ অসম ছাত্ৰ সন্থাৰ অভিযোগৰ পাচতেই মুখ খুলিছে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাইজলৈ মুখ‍্যমন্ত্ৰী গৰাকীৰ আহ্বান '' আমাৰ ওপৰত আস্থা ৰাখক। প্ৰতিবেদন সম্পূৰ্ণ ৰূপে পৰ্যালোচনা কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব " ৷

Assam Accord
Assam Accord

গুৱাহাটী, 16 ছেপ্টেম্বৰ : অসম চুক্তি ৰূপায়ণৰ ছয় নং দফাকলৈ ৰাজ্যত তুংগত উঠিছে বাক যুদ্ধ । বিশেষকৈ এই ক্ষেত্ৰত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন বাক্য বাণেৰে থকাসৰকা কৰি আহিছে ৰাজ্য চৰকাৰখনক। ছয় নং দফা কাৰ্যকৰী কৰিবৰ বাবে গঠন কৰি দিয়া সমিতিয়ে দিয়া প্ৰতিবেদন দাখিলৰ ছয় মাহ পাৰ হৈ যোৱাৰ পাছতো চৰকাৰে তাক কাৰ্যকৰী নকৰাৰ বাবে তীব্র ক্ষোভ উজাৰিছে ছাত্র সংগঠন দুটাই। তেওঁলোকৰ অভিযোগ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ হাতত প্ৰতিবেদন দাখিল নকৰি মৌনতা অৱলম্বন কৰিছে । ছয় নং দফা ৰাজ্য চৰকাৰৰ হাততেই আছে । এই মন্তব্য আছুৰ সম্পাদক লুৰিণ জ‍্যোতি গগৈৰ ।

সদৌ অসম ছাত্ৰ সন্থাৰ অভিযোগৰ পাচতেই মুখ খুলিছে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাইজলৈ মুখ‍্যমন্ত্ৰী গৰাকীৰ আহ্বান '' আমাৰ ওপৰত আস্থা ৰাখক । প্ৰতিবেদন সম্পূৰ্ণ ৰূপে পৰ্যালোচনা কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব " ৷

আনহাতে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ‍্যোগত গঠন হোৱা নতুন আঞ্চলিক দল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীৰ মতে " ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ । এইখন দেশত বিভিন্ন সময়ত বিভিন্ন দল গঠন হ'ব পাৰে । কিন্তু ইয়াৰ চূড়ান্ত সিদ্ধান্ত ৰাইজেহে দিব। ৰাইজৰ দিহা পৰামৰ্শৰ ভিত্তিত আমি চৰকাৰ চলাইছো । অসমৰ জনতাৰ ওপৰত আমাৰ বিশ্বাস আছে । "

লগতে পঢ়ক : বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.