ETV Bharat / state

COVID 19 সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা সম্পাদকৰ স'তে বৈঠক মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 2, 2020, 5:40 PM IST

"প্ৰান্তিক" ৰ সম্পাদক প্ৰদীপ বৰুৱা, "আমাৰ অসম"ৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, "ইণ্ডিয়ান এক্সপ্ৰেছ"ৰ জ্যেষ্ঠ সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপ, "নিউজ লাইভ"ৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুছেইন, "প্ৰতিদিন টাইম"ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, "প্ৰাগ নিউজ"ৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ, "আছাম ট্ৰিবিউন"ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱা, "সাদিন"ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিকে আজিৰ এই কাৰ্যসূচীত ভাগ লয় ।

COVID 19 সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা সম্পাদকৰ স'তে বৈঠক মুখ্যমন্ত্ৰীৰ
COVID 19 সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা সম্পাদকৰ স'তে বৈঠক মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২ মে': লক্​ ডাউন আৰু COVID 19 ৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত শণিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ সম্পাদকসকলৰ লগতে জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হয় । মুখ্যমন্ত্ৰীৰ উপৰিও অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বাৰ্তালাপত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ডঃ হিমন্তবিশ্ব শৰ্মা, অতুল বৰা, ফণীভূষন চৌধুৰী, কেশৱ মহন্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰিহণ দৈমাৰী । বৈঠকত ৰাজ্যৰ সংবাদ মাধ্যমৰ বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু সম্পাদকে নিজৰ মত ব্যক্ত কৰাৰ লগতে ভালেখিনি পৰামৰ্শও দাঙি ধৰে ।

প্ৰবীণ সাংবাদিক প্ৰদীপ বৰুৱাই লক্​ ডাউনৰ সময়ত মদৰ দোকানৰ ওপৰত চৰকাৰে যিদৰে গুৰুত্ব দিছে একেদৰে কিতাপৰ দোকানৰ ওপৰতো গুৰুত্ব দিয়া উচিত বুলি মত ব্যক্ত কৰে । আজিৰ এই অনুষ্ঠানত বিশিষ্ট সাংবাদিকসকলে চৰকাৰক বহু পৰামৰ্শ আগবঢ়াইছে লগতে চৰকাৰেও সেই পৰামৰ্শসমূহ লিপিবদ্ধ কৰিছে বুলি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.