ETV Bharat / state

Assam Information Commission: গণৰাজ্য দিৱসতে স্থায়ী ঠিকনা পালে অসম তথ্য আয়োগে - Assam Information Commission

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মুকলি কৰিলে অসম তথ্য আয়োগৰ নৱ-নিৰ্মিত স্থায়ী কাৰ্যালয় (Assam Information Commission new building) ৷ মহানগৰীৰ পাঞ্জাবাৰীত 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ভৱনটো ৷ চৰকাৰী আঁচনি দুৰ্নীতিমুক্ত কৰিবৰ বাবে এই ভৱনটো সহায়ক হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।

Assam Information Commission
অসম তথ্য আয়োগৰ নৱনিৰ্মিত স্থায়ী কাৰ্যালয়
author img

By

Published : Jan 26, 2023, 9:03 PM IST

গণৰাজ্য দিৱসতে স্থায়ী ঠিকনা পালে অসম তথ্য আয়োগে

গুৱাহাটী ২৬ জানুৱাৰী: বৃহস্পতিবাৰে গণৰাজ্য দিৱসৰ দিনটোতে অসম তথ্য আয়োগে গুৱাহাটীত লাভ কৰিলে নিগাজি ঠিকনা (Assam Information Commission new building) । বৃহস্পতিবাৰে মহানগৰীৰৰ পাঞ্জাবাৰীস্থিত অসম তথ্য আয়োগৰ নৱনিৰ্মিত স্থায়ী কাৰ্যালয়টো আনুস্থানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উদ্বোধনৰ উদ্দেশ্যে ভৱনটো সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক গায়ন বায়নেৰে আদৰণি জনাই অনা হয় ।

উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে অসম ৰাজ্যিক তথ্য আয়োগৰ মুখ্য আয়ুক্ত এ পি ৰাৱট, অসম তথ্য আয়োগৰ আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ লগতে বিভাগটোৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী (Assam Information Commission building in Guwahati) ।

আজিৰ দিনটোতে অসম তথ্য আয়োগৰ কাৰ্যালয় মুকলি কৰিবলৈ পায় গৌৰাম্বিত হৈ পৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মা । লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত এই আটকধুনীয়া ভৱনটো নিৰ্মাণত ব্যয় হয় প্ৰায় ১০ কোটি টকা । যিহেতু আৰু এটা মহলাৰ কাম বাকী আছে সেয়েহে আৰু ৪.৫০ কোটি টকা প্ৰয়োজন হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma on Information Commission)।

উল্লেখযোগ্য যে, ইয়াৰ আগতে অসম তথ্য আয়োগৰ কাৰ্যালয়টো শিল্পগ্ৰাম পথৰ জোনাকী কমপ্লেক্সৰ প্ৰথম মহলাত অনুস্তূপীয়াকৈ চলাই থকা হৈছিল‌‌ । আজি কাৰ্যালয়টোৱে স্থায়ী ঠিকনা লাভ কৰিলে । ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, চৰকাৰী আঁচনি দুৰ্নীতিমুক্ত কৰিবৰ বাবে এই ভৱনটো সহায়ক হ’ব । নাগৰিকসকলক চৰকাৰী তথ্য দিয়াত সহজ হ’ব । চৰকাৰী এপৰ জৰিয়তে চৰকাৰী তথ্য পোৱাৰ পিচত RTI কৰা লোকৰ সংখ্যা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, আয়োগৰ হাতত বৰ্তমান ওজৰ আপত্তি নাই বুলিয়েই ক’ব পাৰি । RTI ৰ তথ্যৰ জৰিয়তে বহুতে ব্যক্তিগত লাভালাভৰ বাবে সুবিধা লয় । ৰাজহুৱা স্বাৰ্থত RTI ব্যৱহাৰ কৰা উচিত বুলি জনসাধাৰণক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা ল’বলৈ আয়োগক অনুৰোধ জনায় । মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তথ্য আয়োগৰ আয়ুক্ত গৰাকীয়ে অনলাইনৰ জৰিয়তে গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ।

লগতে পঢ়ক: Firing at Dhing: পত্নী-কন্যাৰ সমুখতেই দুৰ্বৃত্তই গুলীয়ালে ৱাহিদুলক; অৱস্থা গুৰুতৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.