গুৱাহাটী,5 নৱেম্বৰ: দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ সম্প্ৰতি সংকটমুক্ত যদিও গগৈয়ে চিকিৎসা গ্ৰহণ কৰি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উপস্থিত হয় বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ চিকিৎসাধীন গগৈক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সম্প্ৰতি এটি বিশেষ চিকিৎসকৰ দলে গগৈৰ স্বাস্থ্যৰ তদাৰক কৰি থকাৰ কথা ব্যক্ত কৰে সোণোৱালে ৷
তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তৰুণ গগৈ সকলোতকৈ জ্যেষ্ঠ ব্যক্তি হিচাপে স্বীকৃতি প্ৰদান কৰি এগৰাকী পুত্ৰ হিচাপে খবৰ লবলৈ চিকিৎসালয়লৈ অহা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷
লগতে চাওকঃ গুৱাহাটী মহানগৰীত জ্বলিল মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি