ETV Bharat / state

লোকনিৰ্মাণ বিভাগ (পথ)ৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ স্থিতি পৰ্যালোচনা কৰাৰ লগতে ২০২৩ চনৰ মাৰ্চৰ ভিতৰত দলঙখনৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । ‘অসম মালা প্ৰকল্প’ৰ অধীনত নিৰ্মিত পথসমূহৰ নিৰ্মাণৰো পৰ্যালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

cm-review-on-pwd-road-projects
লোকনিৰ্মাণ বিভাগৰ(পথ) বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ
author img

By

Published : Jun 16, 2021, 10:38 PM IST

গুৱাহাটী, ১৬ জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বুধবাৰে গুৱাহাটীৰ ফটাশিল আমবাৰীত থকা লোকনিৰ্মাণ বিভাগ (পথ) ৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় পৰিদৰ্শন কৰে আৰু বিভিন্ন প্ৰকল্পৰ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ স্থিতি পৰ্যালোচনা কৰাৰ লগতে ২০২৩ চনৰ মাৰ্চৰ ভিতৰত দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

cm-review-on-pwd-road-projects
লোকনিৰ্মাণ বিভাগৰ(পথ) বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱিত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ নিৰ্মাণকাৰ্যৰো বুজ লয় । বৈঠকত দলংখনৰ এলাইনমেণ্ট নিৰ্ধাৰণ কৰাৰ লগতে পুঁজি আৱণ্টন, কাৰিকৰী বিষয় সম্পৰ্কেও আলোচনা কৰা হয় । লগতে দলঙখন চাৰিলেনযুক্ত কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে ‘অসম মালা প্ৰকল্প’ৰ অধীনত নিৰ্মিত পথসমূহৰ নিৰ্মাণৰো পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে সকলো পথ আৰু দলং প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে । বৈঠকত সাংসদ পল্লৱ লোচন দাসৰ লগতে লোক নিৰ্মাণ বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক : কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.