গুৱাহাটী,২৬ আগষ্ট: এবিভিপি মানে বিজেপি নহয় আৰু বিজেপিৰ ছাত্ৰ সংগঠন নহয় এবিভিপি । এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । উল্লেখ যে চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষা কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আন দল-সংগঠনৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিয়েও তীব্ৰ বিৰোধিতা কৰিছে ।
সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰাজ্যজুৰি গণ স্বাক্ষৰ অভিযান চলাই আছে(Mass signature of ABVP) । শেহতীয়াকৈ সংগঠনটো বিশেষভাৱে চৰ্চালৈ আহিছে । মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সংগঠনটো সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যক লৈ এবিভিপি বিশেষভাৱে সৰৱ হৈ পৰিছে(Jayant Mallar controversial comment on ABVP) । যাৰ পৰিপ্ৰেক্ষিতত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যম যোগে অনুসূচনা কৰাও দেখা গৈছে(ABVP slammed MLA Jyanta malla) ।
চৰ্চাত থকা এই বিষয়টো সন্দৰ্ভত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(CM reaction on ABVP) । তেওঁ কয় যে গণতান্ত্ৰিকভাৱে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ পূৰ্ণ অধিকাৰ আছে এবিভিপিৰ । আন্দোলনো কৰিব পাৰে, মুখ্যমন্ত্ৰীৰ পুত্তলিকাও জ্বলাব পাৰে । ইয়াত কোনো বাধা নাই । কিন্তু আন্দোলনৰ নামত হিংসা হ'ব নালাগে ।
সংবাদিকক উদ্দেশ্যি তেওঁ কয় যে এবিভিপি মানে বিজেপি নহয়, ইমানদিনে আপোনালোকৰ মাজতো ভুল ধাৰণা আছিল । এতিয়া সেইটো স্পষ্ট হ'ল যে এবিভিপি বিজেপিৰ ছাত্র সংগঠন নহয়, এবিভিপি এটা বেলেগ সংগঠন । এবিভিপিৰ নিজৰ লাইনত কথা কোৱাৰ অধিকাৰ আছে বুলি সদৰী কৰি তেওঁ কয় যে আছু, আমছু, আবছুৱে যদি নিজৰ কথা ক'ব পাৰে তেন্তে এবিভিপিয়ে কিয় ক'ব নোৱাৰিব ।
এবিভিপি মুখ্যমন্ত্রীৰ মতে চলিব লাগিব বুলি কতো লিখা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোক আমাৰ ছাত্র সংগঠন নহয় । তেওঁ লগতে কয় যে এবিভিপিয়ে অহা নিৰ্বাচনত তেওঁক ভোট নিদিবৰ বাবেও আহ্বান জনাব পাৰে । তেওঁলোকৰ লগত ক'ৰবাত আমাৰ মিল আছে আৰু ক'ৰবাত পাৰ্থক্যও আছে ।
লগতে পঢ়ক: অভিযুক্ত অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা শিক্ষা বিভাগৰ