ETV Bharat / state

ল'ক ডাউনঃ হেল্পলাইন মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ - cm orderd to open helpline

বুধবাৰে ২১ দিনীয়া ল'ক ডাউনৰ সময়চোৱাত জৰুৰীকালীনভাৱে ২৪ ঘন্টাই সক্ৰিয় হৈ থকা এটা হেল্পলাইন মুকলি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ
মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশ
author img

By

Published : Mar 25, 2020, 11:30 PM IST

গুৱাহাটী, ২৫ মাৰ্চঃ দেশজুৰি আৰম্ভ হোৱা ২১ দিনীয়া ল'ক ডাউনৰ সময়চোৱাত ৰাজ্যখনৰ কোনো লোক যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে জৰুৰীকালীনভাৱে ২৪ ঘন্টাই সক্ৰিয় হৈ থকা এটা হেল্পলাইন মুকলি কৰিবলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে । বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে অত্যাৱশ্যকীয় সেৱাসমূহৰ সৈতে জড়িত হৈ থকা বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত ভাগ লয় আৰু সেই বৈঠকতে জাৰি কৰে এই নিৰ্দেশনা । অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা যান বাহন সমূহ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাক চোৱাচিতা কৰিবলৈ বিষয়াৰ এটা গোটো গঠন কৰা হ'ব । আনহাতে তেনে বাহনসমূহক ই -পাছ প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

লগতে পঢ়কঃ ল'ক ডাউনঃ ৰাজপথলৈ ওলাই আহি পিঠিত কোব পৰিল বহুজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.