ETV Bharat / state

লক ডাউনৰ মাজতো খেলুৱৈয়ে অব্যাহত ৰাখিব লাগিব অনুশীলনঃ মুখ্যমন্ত্ৰী - lock down

লক ডাউনৰ মাজতেই সকলো নিয়ম মানি খেলুৱৈসকলে অনুশীলন অব্যাহত ৰাখিব লাগিব। শনিবাৰে অসমৰ খেলুৱৈসকলৰ লগত বাৰ্তালাপ কৰি এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

সৰ্বানন্দ সোণোৱাল
লক ডাউনৰ মাজতো খেলুৱৈয়ে অব্যাহত ৰাখিব লাগিব অনুশীলনঃ মুখ্যমন্ত্ৰী
author img

By

Published : Apr 25, 2020, 8:43 PM IST

গুৱাহাটী, ২৫ এপ্ৰিলঃ লক ডাউন চলি থাকিলেও ৰাজ্যৰ খেলুৱৈসকলে যাতে নিজৰ অনুশীলন বন্ধ নকৰে । লক ডাউনৰ মাজতেই সকলো নিয়ম মানি খেলুৱৈসকলে অনুশীলন অব্যাহত ৰাখিব লাগিব। এই আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শনিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসগৃহত ৰাজ্যৰ একাংশ খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ সৈতে এক বাৰ্তালাপত মিলিত হয় ।

লক ডাউন
লক ডাউনৰ মাজতো খেলুৱৈয়ে অব্যাহত ৰাখিব লাগিব অনুশীলনঃ মুখ্যমন্ত্ৰী

সেই বাৰ্তালাপতে মুখ্যমন্ত্ৰী গৰাকীয়ে খেলুৱৈসকলৰ সুবিধা অসুবিধাৰ বুজ লয়। লক ডাউনৰ বাবে বহুকেইখন গুৰুত্বপূৰ্ণ খেলৰ সূচী পিছুৱাই দিয়া হৈছে যদিও ৰাজ্যৰ খেলুৱৈসকলে যাতে অনুশীলন বা প্ৰশিক্ষণ কোনো অসুবিধা নোহোৱাকৈ চলাই নিব পাৰে তাৰ প্ৰতি চকু ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে অসম অলিম্পিক সন্থাক আহ্বান জনায় ।

আনহাতে,বাৰ্তালাপত খেলুৱৈ শিবাংগী শৰ্মা,কেম্পি বড়ো,জ্যোতিৰ্মান বৰা,তনয়া চৌধুৰী,উপাসা তালুকদাৰ,আয়ন ৰছিদ,প্ৰজ্ঞান মেধী আদিৰ লগতে মুখ্যমন্ত্ৰীৰ উপদেষ্টাদ্বয় হৃষীকেশ গোস্বামী,শান্তনু ভৰালী,ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ,সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয় ।

লগতে চাওকঃ ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.