গুৱাহাটী, 4 জুলাই : স্বাধীনোত্তৰ কালত প্ৰথমবাৰৰ বাবে দেওবাৰে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সকলৰ সৱলীকৰণৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক বিশেষ অনুষ্ঠান "আলাপ আলোচনা" । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে ৰাজ্যৰ ১২৩ গৰাকী ধৰ্মীয় সংখ্যালঘু সমাজৰ বিশিষ্ট ব্যক্তি আৰু চিন্তাবিদৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।এই আলোচনাত সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাও উপস্থিত থাকে ।
এই "আলাপ আলোচনা"ত খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সৰ্বাংগীন বিকাশ কিদৰে সম্ভৱ হৈ উঠিব পাৰে সেই বিষয়ে উপস্থিত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে পৰামৰ্শ আগবঢ়ায় । বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সকলৰ শিক্ষা আৰু স্বাস্থ্যৰ বিষয়টোৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় আজিৰ এই ব্যতিক্ৰমী সভাখনত । আনহাতে, চৰকাৰে কাৰ্যকৰী কৰিবলৈ লোৱা জনসংখ্যা নীতিৰ ওপৰতো বিভিন্নজনে আজিৰ বৈঠকত মুখ্যমন্ত্ৰীক পৰামৰ্শ আগবঢ়ায় । মুখ্যমন্ত্ৰীয়েও জনসংখ্যা নীতিৰ বিষয়ে চৰকাৰে কেনেদৰে চিন্তা চৰ্চা কৰিছে সেই বিষয়ে বৈঠকত আলোকপাত কৰে ।
প্ৰায় দুঘন্টা জুৰি চলা এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, এই সভাৰ মূল উদ্দেশ্য আছিল খিলঞ্জীয়া সংখ্যালঘু লোক সকলৰ সামগ্ৰিক বিকাশ । বৈঠকত আঠখনকৈ উপ সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । এই উপ সমিতি সমূহে খিলঞ্জীয়া সংখ্যালঘু সমাজৰ স্বাস্থ্য, শিক্ষা, সংস্কৃতি আদি আঠটা বিষয়ৰ শেহতীয়া অৱস্থাৰ বিষয়ে অধ্যয়ন কৰি অহা তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ।
চৰকাৰে গ্ৰহণ কৰিবলগীয়া জনসংখ্যা নীতিৰ প্ৰতিও আজিৰ বৈঠকত খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি সকলে পূৰ্ণ সমৰ্থন আগবঢ়ায় । এই বৈঠকত পদ্মশ্ৰী ডঃ ইলিয়াছ আলি, পদ্মশ্ৰী এলি আহমেদ, আই. আই. টি. গুৱাহাটীৰ প্ৰাক্তন অধ্যাপক আবু নাছিৰ চৈয়দ আহমেদ, অৱসৰপ্ৰাপ্ত আই. এ. এছ. বিষয়া আবচাৰ আলী হাজৰিকা, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল চৈয়দ ইবনুল হুদা, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ লগতে বহু সংখ্যা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰণজিৎ দাসৰ কঠোৰ সকীয়নি