ETV Bharat / state

CM Review Meeting: ৩১ জুলাইৰ ভিতৰত মালিগাঁও, ৩১ আগষ্টৰ ভিতৰত আৰ জি বৰুৱা ৰোড উৰণ সেঁতুৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

author img

By

Published : Jun 14, 2023, 9:40 PM IST

Updated : Jun 14, 2023, 9:49 PM IST

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ সংঘটিত কেতবোৰ অবাঞ্ছিত ঘটনাক লৈ উদ্বিগ্ন হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত আজি জনতা ভৱনত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী । ৩১ আগষ্টৰ ভিতৰত মহানগৰীৰ আৰ জি বৰুৱা ৰোডত নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰ্যৰে জড়িত প্ৰতিষ্ঠানক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

cm-meeting-regarding-ongoing-project-of-guwahati
মুখ্যমন্ত্রীৰ গুৱাহাটীত চলি থকা উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা

গুৱাহাটী, ১৪ জুন: গুৱাহাটী মহানগৰীত উন্নয়নমূলক বিভিন্ন কাম-কাজ চলি থকাৰ সমান্তৰাকৈ সংঘটিত হৈছে কেতবোৰ অবাঞ্ছিত ঘটনা । মহানগৰবাসীক পানী যোগান ধৰাৰ বাবে চলি আছে পাইপ লাইনৰ কাম। কিন্তু সেই কামৰ মাজতে পাইপ লাইন ফাটি গুৱাহাটীত দুটাকৈ ভয়াৱহ ঘটনা সংঘটিত হয়। খাৰঘূলিত জলবিস্ফোৰণৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বহু কেইজন লোক আহত হৈছিল। তদুপৰি বহু ঘৰ-দুৱাৰ ধ্বংস হৈ বিস্তৰ ক্ষতি সাধন হৈছিল।

সোমবাৰে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় জু-ৰোড আৰু ৰাজগড় সংযোগী পথত। ইফালে পথৰ মাজত খান্দি ৰখা গাঁতত পৰি গণেশগুৰিত অলপতে মৃত্যু হয় এগৰাকী ছাত্রীৰ। সেইদৰে মঙলবাৰে গুৱাহাটীৰ মালিগাঁৱত নিৰ্মিয়মান উৰণীয়া সেঁতুৰ তলত চাটাৰিঙৰ লোৰ ছিট পৰি আহত হয় কেইবাজনো শ্ৰমিক।

এটাৰ পাচত আনটোকৈ এনেবোৰ অবাঞ্ছিত ঘটনা সংঘটিত হোৱাকলৈ বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত গুৱাহাটী মহানগৰীত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। বিশেষকৈ মালিগাঁও আৰু আৰ জি বৰুৱা ৰোডত নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেঁতুৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে লোকনিৰ্মাণ বিভাগ (পথ) আৰু উৰণীয়া সেঁতুৰ নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্রী।

সোমবাৰে মালিগাঁও উৰণীয়া সেঁতুত সংঘটিত অনাকাংক্ষিত ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণকাৰ্যৰ সুৰক্ষাৰ দিশ নিশ্চিত কৰাৰ লগতে নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিক আৰু অন্য ব্যক্তিসকলে হেলমেট আৰু জেকেট পৰিধান কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রীয়ে ।

তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে ৩১ জুলাইৰ ভিতৰত মালিগাঁৱৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিক নিৰ্দেশ দিয়ে। লগতে বাহনৰ গতিবিধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী বিভাগক আহ্বান জনায়।

এইক্ষেত্ৰত জালুকবাৰী ফালৰ পৰা আৰু ভৰলুমুখৰ পৰা গধুৰ বাহন চলাচলৰ ক্ষেত্ৰত আৰক্ষী বিভাগক চোকা দৃষ্টি ৰাখিবৰ বাবে নিৰ্দেশ দিয়ে। লোকনিৰ্মাণ বিভাগৰ সম্পূৰ্ণ নিৰীক্ষণত আজিৰে পৰা ২০ জুন পৰ্যন্ত পথৰ এটা দিশ সম্পূৰ্ণৰূপে বন্ধ ৰাখি কাম কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রীয়ে ।

তদুপৰি ৩১ আগষ্টৰ ভিতৰত মহানগৰীৰ আৰ জি বৰুৱা ৰোডত নিৰ্মীয়মাণ উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰ্যৰে জড়িত প্ৰতিষ্ঠানক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, আৰক্ষী আয়ুক্ত দিগন্ত বৰা, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে লোকনিৰ্মাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

লগতে পঢ়ক: Morigaon CM vigillance: উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডলক

Last Updated : Jun 14, 2023, 9:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.