ETV Bharat / state

GMCHত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে - GMCHত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া

ক্ৰমে সুষ্ঠ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা (Burha Satriya Basistha Dev Sarma) ৷ তেখেতক লগ কৰাৰ বাবে বহু লোক আহিলে সংক্ৰমণৰ আশংকা মুখ্যমন্ত্ৰীৰ ৷ সাক্ষাৎ কৰিবলৈ অহা লোকৰ নাম ৰেজিষ্টাৰ বহীত নাম লিখি ৰখাৰ পোষকতা মুখ্যমন্ত্রীৰ । চিকিৎসা ব্যয় বহনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

CM meet Burha Satriya Basistha Dev Sarma at GMCH
GMCHত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে
author img

By

Published : Feb 10, 2022, 2:00 PM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক (Burha Satriya Basistha Dev Sarma admitted at GMCH) বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় (CM meet Burha Satriya Basistha Dev Sarma) ।

CM meet Burha Satriya Basistha Dev Sarma at GMCH
GMCHত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰীয়ে বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসকৰ সৈতেও তেখেতৰ স্বাস্থ্য সম্পৰ্কত আলোচনা কৰে । সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বৰ্তমান তেখেতৰ অৱস্থা যথেষ্ট ভালে আছে । ভালদৰে কথা পাতিছে । বুঢ়াসত্ৰীয়াগৰাকীক লগ কৰাৰ বাবে বহু লোক আহিলে সংক্ৰমণৰ আশংকা থাকিব পাৰে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে বাহিৰত এখন ৰেজিষ্টাৰ বহী ৰখাৰ কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যাতে খবৰ ল’বলৈ অহাসকলে নামটো লিখি গ'লে পাছত তেখেতে তেওঁলোকৰ সৈতে কথা পাতিব পাৰে । সাৱধানতা অৱলম্বন কৰাৰ বাবেই এই ব্যৱস্থাৰ কথা কোৱা হৈছে বুলি মন্ত্ৰীমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । তেওঁ লগতে কয় যে তেখেতৰ ক'নজাৰভেটিভ চিকিৎসা কৰিব লাগিব । এই বয়সত ছাৰ্জাৰী কৰাটো সম্ভৱ নহ'ব ।

বশিষ্ঠ শৰ্মাৰ লিভাৰৰ সমস্যা আছে আৰু ইয়াৰ বাবে ক'নজাৰভেটিভ চিকিৎসাৰ দ্বাৰাই ভাল হৈ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে, বুঢ়াসত্ৰীয়াগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে কিছুদিন পূৰ্বে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতাললৈ নিয়া সময়তে যকৃতৰ ৰোগত আক্ৰান্ত হোৱাটো পৰীক্ষাত ধৰা পৰিছিল । দেওবাৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে কিছু অসুস্থ অনুভৱ কৰাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল । চিকিৎসাৰ অন্তত তেখেত কিছু সুস্থ হৈ উঠে যদিও মঙলবাৰে পুনৰ অসুস্থ হৈ পৰে ।

পৰিয়ালৰ লোকে তেখেতক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যায় । চিকিৎসকে বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি মঙলবাৰে সন্ধিয়াই উন্নত চিকিৎসাৰ বাবে এম্বুলেন্সযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । বৰ্তমান তেখেত জি এম চি এইচত চিকিৎসাধীন হৈ আছে । ইফালে চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ শৰ্মাৰ সমগ্ৰ চিকিৎসা ব্যয় বহনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.