ETV Bharat / state

CM level meeting in Guwahati: অসম অৰুণাচল সীমা সমস্যাৰ ওপৰত কইনাধৰাত মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক - কইনাধৰাত মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ বৈঠক । দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াৰ অংশ গ্ৰহণ । 'নামচাই ঘোষণা পত্র' সন্দৰ্ভত বিশদভাৱে আলোচনা (Assam and Arunachal Sign Namsai Declaration) । দুয়োখন ৰাজ্যৰ মন্ত্ৰীবৰ্গৰে গঠিত 'আঞ্চলিক সমিতি'ৰ প্ৰতিবেদনৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা । সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই এক মীমাংসাত উপনীত হ'ব পৰা যাব বুলি আশাবাদী দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী ।

CM level meeting on assam and arunachal border issue
অসম অৰুণাচল সীমা সমস্যাৰ ওপৰত কইনাধৰাত মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক
author img

By

Published : Nov 10, 2022, 8:43 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ স্বৰূপে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক (CM level meeting in Koinadhara) ৷

অতিথিশালাত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ (Arunachal Pradesh CM Pema Khandu) উপৰি দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰে । উল্লেখ যে মুখ্যমন্ত্রী পৰ্যায়ৰ কেইবাখনো বৈঠক ইয়াৰ পূৰ্বে গুৱাহাটী আৰু ইটানগৰৰ উপৰি দিল্লীত অনুষ্ঠিত হৈছিল ৷ আজি পুনৰ গুৱাহাটীত মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত অসম-অৰুণাচলৰ সীমা বিবাদ সম্পৰ্কত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত ১৫ জুলাইত হৈ যোৱা বৈঠকৰ 'নামচাই ঘোষণা পত্র' সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় (Namsai Declaration signed between Assam and Arunachal)। উল্লেখ যে ১৫ জুলাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত হোৱা আলোচনাত 'নামচাই ঘোষণা পত্র' স্বাক্ষৰিত হৈছিল । পৰৱৰ্তী সময়ত সেই ঘোষণা পত্র অনুসৰি দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্রীৰ নেতৃত্বত কেইবাখনো আঞ্চলিক সমিতি গঠন কৰা হৈছিল ।

CM level meeting on assam and arunachal border issue
অসম অৰুণাচল সীমা সমস্যাৰ ওপৰত কইনাধৰাত মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠক

আজিৰ বৈঠকত নামচাই ঘোষণা পত্র সন্দৰ্ভত আলোচনা কৰাৰ লগতে দুয়োগৰাকী মুখ্যমন্ত্রীয়ে দুয়োখন ৰাজ্যৰ মন্ত্ৰীবৰ্গৰে গঠিত 'আঞ্চলিক সমিতি'ৰ প্ৰতিবেদনৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে । বৈঠকত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই এক মীমাংসাত উপনীত হ’ব পৰা যাব বুলি আশা প্ৰকাশ কৰে । বৈঠকত অৰুণাচলৰ কেইবাগৰাকী মন্ত্রী আৰু বিষয়াৰ লগতে অসমৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, অতুল বৰা, বিমল বৰা, সঞ্জয় কিষাণ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

উল্লেখ যে অসম আৰু অৰুণাচল সীমান্ত অঞ্চলত বৰ্ত্তমান ৮৬ খন গাঁৱক লৈ বিবাদ আছে । ইয়াৰ বাবে দুয়োখন ৰাজ্যই ১২ খন আঞ্চলিক সমিতি গঠন কৰি দিছে । ইতিমধ্যে মন্ত্রীৰ নেতৃত্বত দুয়োখন ৰাজ্যতে গঠন কৰা আঞ্চলিক সমিতিসমূহে বিতৰ্কিত স্থানসমূহ পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰিছে । লগতে বহু কেইখন আলোচনাটো মিলিত হৈছে । আজিৰ মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠকত আঞ্চলিক সমিতিসমূহৰ পৰা সীমান্ত অঞ্চলৰ পৰিস্থিতিৰ সবিশেষ বুজ লোৱা হয় ।

লগতে পঢ়ক: Law and order situation in Tripura : ত্ৰিপুৰাত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.