ETV Bharat / state

Labour office at Guwahati : মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে উলুবাৰীস্থিত শ্ৰম ভৱনৰ

শণিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উলুবাৰীত নৱনিৰ্মিত শ্ৰম ভৱনটো উদ্বোধন কৰে । শ্রম মন্ত্রী সঞ্জয় কিষাণ, পর্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত (Inauguration of Guwahati labour office) ৷

author img

By

Published : Mar 25, 2023, 10:50 PM IST

Guwahati labour office Inaugurated by CM
মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে উলুবাৰীস্থিত শ্ৰম ভৱনৰ

গুৱাহাটী, 25 মাৰ্চ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মহানগৰীৰ উলুবাৰীত নৱনিৰ্মিত শ্ৰম ভৱন উদ্বোধন কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ স্বয়ংক্রিয় পঞ্জীয়ন আৰু নৱীকৰণ ব্যৱস্থাটোৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত এই শ্ৰম ভৱনটোৱে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ গতিশীলতা বৃদ্ধি কৰাৰ লগতে অধিক জনমুখী সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ই-অফিচ ব্যৱস্থা অধিক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু উপায়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয়ৰ কাৰ্যালয় আৰু অসম সচিবালয়ক সম্পূৰ্ণভাৱে কাগজ বিহীন কার্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে (Inauguration of Guwahati labour office)।

মুখ্যমন্ত্ৰীগৰাকীয়ে শ্রম কাৰ্যালয়ক ই-অফিচেৰে সামৰি লোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহো ডিজিটেল ব্যৱস্থাৰে সামৰি লোৱাৰ বাবে প্ৰয়াস চলাব লাগিব বুলি উল্লেখ কৰে । অসম সচিবালয় বর্তমান সময়ত ৯৯ শতাংশ কাগজ বিহীন কাৰ্যালয়লৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিভাগীয় অনুসন্ধানৰ বাহিৰে অন্য সকলো ধৰণৰ কাম-কাজ ইলেকট্র’নিক মাধ্যমেৰে কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । শ্ৰম আয়ুক্তৰ কাম শ্রমিকসকলক সুৰক্ষা প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শ্রমিকসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবে বৰ্তমান ভাৰতবৰ্ষত ২৪ খন আইন বলবৎ হৈ আছে বুলি উল্লেখ কৰে (Guwahati labour office Inaugurated by CM)।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সমগ্ৰ শ্ৰমিকৰ কল্যাণৰ বাবে শ্রম আয়ুক্তৰ কাৰ্যালয়ে কাম কৰে । ব্যৱসায়-বাণিজ্য, উদ্যোগ আদি দিশতো শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহণ কৰে । শ্ৰমিকৰ কল্যাণৰ বাবে কাম কৰাৰ লগতে উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যৰ কাম-কাজৰ ক্ষেত্ৰতো যাতে কোনো জটিলতা আহিব নোৱাৰে সেই দিশতো লক্ষ্য ৰখাটো শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ অন্যতম এক দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । ‘ইজ অৱ ডুৱিং বিজনেছ'ৰ জৰিয়তে শ্রমিকৰ স্বাৰ্থৰ লগতে উদ্যোগ খণ্ডৰ বিকাশৰ বাবেও ৰাজ্য চৰকাৰে কাম কৰি আহিছে (CM Inaugurated Guwahati labour office)।

বিগত বিধানসভাত প্ৰায়বোৰ শ্ৰমিক আইনৰ সংশোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সেই সংশোধনৰ জৰিয়তে শ্রমিক আৰু ব্যৱসায়ী উভয়ৰে স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে বুলি দাবী কৰে । মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ডিজিটেলাইজেশ্যনৰ লগতে অট’মেশ্যনৰ ওপৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । অট'মেশ্যনৰ জৰিয়তে পৰিবহন বিভাগত যথেষ্ট সফলতা লাভ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত পৌৰ সভাসমূহত এই ব্যৱস্থাৰ প্ৰয়োগ কৰা হৈছে বুলি উল্লেখ কৰে (Labour office at Guwahati Ulubari)।

লগতে পঢ়ক : Protest at Jonai : ঔদ্যোগিক পামৰ বিৰুদ্ধে মেচাকিত উত্তাল প্ৰতিবাদ

অনুষ্ঠানত শ্রম মন্ত্রী সঞ্জয় কিষাণ, পর্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক তেৰচ গোৱালা, শ্রম বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তী তথা ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে (Labour minister Sanjay Kishan) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.