গুৱাহাটী, 12 জানুৱাৰী: ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ লগতে ভোগালীক আদৰিবলৈ সাজু হৈছে কংক্ৰীটৰ মহানগৰবাসীও । মহানগৰীত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ভোগালী মেলা । শুকুৰবাৰে মহানগৰীৰ দীঘলীপুখুৰীত অনুষ্ঠিত হোৱা ভোগালী মেলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বাপতিসাহোন ভোগালীক আদৰিবলৈ এতিয়া উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে চলিছে প্ৰস্তুতি । বাদ পৰি ৰোৱা নাই কংক্ৰীটৰ মহানগৰবাসীও ।
যিমানেই বিহুলৈ দিন চমু চাপিছে সিমানেই গাত তৎ নোহোৱা হৈছে জীয়াৰী-বোৱাৰীৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ । গাঁৱৰ জীয়াৰী-বোৱাৰী ব্যস্ত চিৰা-পিঠা প্ৰস্তুত কৰাত ৷ ইফালে ল’ৰাৰ পৰা বুঢ়ালৈ সকলো আকৌ ব্যস্ত পথাৰত ভেলাঘৰ-মেজি সজাত । মহানগৰবাসীও সাজু হৈছে ভোগৰ উৎসৱ ভোগালীলৈ ।
প্ৰতিখন বজাৰত উপলব্ধ হৈছে পিঠা-পনা, চিৰা-দৈ-সান্দহ । শুকুৰবাৰে মহানগৰীৰ দীঘলীপুখুৰীত অনুষ্ঠিত হোৱা ভোগালী মেলাত উপস্থিত হৈ পিঠা-লাড়ুৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মেলাত উপস্থিত হৈ বিক্ৰেতাসকলৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰীগৰকীয়ে । প্ৰত্যেকখন বিপনীৰ বিভিন্ন সামগ্ৰীৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে । ঘৰুৱা উৎপাদিত বিপনীসমূহ দেখি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ।
এই সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘ভোগালী বুলি ক’লে ভোগৰ আনন্দ । গুৱাহাটী মহানগৰীৰ বিভিন্নস্থানত ভোগালী মেলা অনুষ্ঠিত হৈছে । পৰম্পৰাগত খাদ্য সামগ্রী আহিছে । গুৱাহাটীত যদি ঠাইতে গৰমে গৰমে পিঠা বনাই খুওৱাৰ ব্যৱস্থা কৰা হয় তেন্তে আৰু চলিব । ঘৰতে পৰিয়ালৰ লগত উৰুকা খাম । বিহু বুলি বহুতে মাছ উপহাৰ দিয়ে । উপহাৰ পোৱা মাছসমূহ অনাথ আশ্ৰমত বিলাই দি দিম ।’’ এনেদৰেই ভোগালী মেলাত উপস্থিত হৈ সকলো বিক্ৰেতাক উৎসাহ যোগালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক: এইবাৰ মাঘৰ মেজি নজ্বলে বছা ভৰলুৱা গাঁৱত; উৰুকাৰ ভোজ-ভাতৰো নাই আয়োজন