ETV Bharat / state

Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

অসমীয়া মানুহে কম কাম কৰে আৰু মিঞাই অলপ বেছিকৈ কাম কৰে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মিঞা অবিহনে অসম অসম্পূৰ্ণ বুলি আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma
Himanta Biswa Sarma
author img

By

Published : Jul 13, 2023, 6:22 PM IST

আজমলৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৩ জুলাই: মিঞা নহ'লে অসম কেতিয়াও সম্পূৰ্ণ নহ’ব বুলি সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে ধুবুৰীত বুধবাৰে সাংবাদিকৰ আগত সাংসদ আজমলে কৈছিল যে অসম-মিঞা দুইটাই ভাই ভাই । ‘মিঞা’ সম্পূৰ্ণ নহ’ব যেতিয়ালৈ ‘অসম’ নাথাকে, আৰু ‘অসম’ৰ লগত যদি ‘মিঞা’ নাথাকে, সেইটোও কোনোদিন সম্পূৰ্ণ নহ’ব ।

সাংসদগৰাকীৰ মতে অসমৰ লগত মিঞা নাথাকিলে অসম সম্পূৰ্ণ নহ'ব । সাংসদগৰাকীৰ এই মন্তব্য সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে আজমলে ঠিকেই কৈছে মিঞা অবিহনে অসম নহয় । এই কথা তেওঁ নিজেও অনুভৱ কৰে বুলি ব্যক্ত কৰি কয় যে ঈদৰ দিনা সমগ্ৰ বাছবোৰ নোহোৱা হৈ যায় । আজমলে এইটো কথাত বাস্তৱতে ইতিকিং কৰিছে ।

অসমীয়া মানুহে কম কাম কৰে আৰু মিঞাই অলপ বেছিকৈ কাম কৰে, সেইটো একেবাৰে সঁচা কথা । ইয়াত কোনো দ্বিমত নাই । তেওঁ লগতে কয় যে ঈদৰ সময়ত গুৱাহাটীত কোনো ট্ৰেফিক জাম নাছিল । অৰ্থাৎ গুৱাহাটীত শাক-পাচলিত বেপাৰৰ পৰা ট্ৰাক-বাছ আৰু ৰিক্সা চলোৱা আদি সকলো কাম মিঞাই কৰে ।

আজমলে কোৱা কথাটো জাতিটোৰ প্ৰতি অপমান হিচাপে আমি গণ্য কৰিব লাগে আৰু অসমীয়াই কৰ্মসংস্কৃতিৰ মাজেৰে তাৰ প্ৰতিশোধ ল'ব লাগে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে আজমলেও আমাক ইতিকিং কৰিব পৰা হোৱা বিষয়টোৱে আমাক বিন্ধিব লাগিব । ঈদৰ সময়ত বাছ নথকাৰ বাবেই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সভা বাতিল কৰিব লগীয়া হৈছিল বুলি সদৰী কৰি তেওঁ কয় যে গুৱাহাটীত চলাচল কৰা ৮০ শতাংশ বাছৰ চালক মিঞা ।

আনহাতে অ’লা-ওবেৰৰ ৭০ শতাংশ চালক মিঞা মানুহ । কাম কৰাৰ বাবে অসমীয়া মানুহ ওলাই অহাৰ বাবে আহ্বান জনাই তেওঁ কয় যে প্ৰতিটো সমষ্টিৰ পৰা ২০০জনকৈ চালক ওলাই আহিলে গুৱাহাটীখন ক্লিন কৰি দিব পৰা যাব । গুৱাহাটীৰ উৰণীয়া সেতুৰ তলত যিমান শাক-পাচলিৰ বেপাৰী আছে তাত আমি বেপাৰ কৰিব পাৰো বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় যে গাঁৱত শাক-পাচলিৰ দাম কম আছে যদিও তেওঁলোকে ইয়াত মূল্যবৃদ্ধি কৰি মুনাফা আদায় কৰি আছে । অসমীয়া বেপাৰী হোৱা হ'লে অসমীয়াৰ পৰা ইমান দাম নল'লেহেঁতেন বুলি তেওঁ কয় । তেওঁ লগতে কয় যে গুৱাহাটীৰ সকলো উৰণীয়া সেতু আৰু পদপথ খালী কৰি দিব যদি অসমীয়া মানুহ বেপাৰ কৰিবলৈ ওলাই আহে ।

আজমলৰ কথাক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে বুলি সদৰী কৰি তেওঁ কয় যে আজমলৰ দৰে লোকেও অসমীয়া জাতিটোক অপমান কৰিব পৰা হ'ল, তাতকৈ দুখৰ কথা কি থাকিব পাৰে । তেওঁ গাঁৱে গাঁৱে ছুপাৰ-১০, ছুপাৰ-৩০ খোলাৰ বাবে আহ্বান জনাই কয় যে আজমলৰ জয়গান গাই কি লাভ আছে । অসমীয়া মানুহে কিয় খুলিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে আজমলে স্বৰ্গৰ পৰা প্ৰফেছাৰ অনা নাই ।

আজমলৰ সকলো প্ৰফেচাৰ আমাৰে মানুহ বুলি সদৰী কৰি তেওঁ কয় যে প্ৰত্যেক সমষ্টিতে বিধায়ক সকলে ছুপাৰ-৩০ খুলিব লাগে । বাজে কথা কৈ ফুৰাতকৈ সমষ্টিয়ে সমষ্টিয়ে ছুপাৰ-৩০ কিয় খুলিব নোৱাৰে বিধায়কসকলে বুলি প্ৰশ্ন কৰি তেওঁ লক্ষ্য নিৰ্ধাৰণ কৰিলে দুবছৰতেই পৰিৱেশ সলনি হৈ যাব ।

লগতে পঢ়ক: PM Awas Yojana: প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.