ETV Bharat / state

Inland Water Transport: অসমৰ জলপৰিবহণৰ আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্প উদ্ধোধন মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:26 PM IST

ৰাজ্যৰ নদী যাত্ৰাক আৰু এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উদ্বোধন কৰিলে জাহাজ সেৱা ৷ যোৰহাট-মজুলীতো শীঘ্ৰেই আৰম্ভ হ’ব নৈশ ক্ৰুজ সেৱা ৷

Inland Water Transport
Inland Water Transport
অসমৰ জলপৰিবহণৰ আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্প উদ্ধোধন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 28 ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীৰ লাচিত ঘাটত 10 খন Catamaran জাহাজ, 3 খন Tug Boat আৰু এখন উদ্ধাৰকাৰী নাও উদ্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে একেটা অনুষ্ঠানতে গুৱাহাটীৰ লচিত ঘাটৰ পৰা গুৱাহাটীৰ বেতকুচিৰ ISBTত নিৰ্মাণ কৰিবলগীয়া অসমৰ প্ৰথমটো স্বয়ংক্ৰিয় বাহন পৰীক্ষা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো অসমৰ জলপথৰ বাবে এক গুৰুত্বপূৰ্ণ দিন । অসমৰ জল পৰিবহণ ব্যৱস্থা আধুনিকীকৰণৰ বাবে অসম চৰকাৰে বিশ্ব বেংকৰ পৰা 710 কোটি টকাৰ ঋণ লৈছে । ইতিমধ্যে এই টকাৰে জল পৰিবহণৰ বিভিন্ন আধুনিকীকৰণৰ কাম চলি আছে । আজি ইয়াৰ অংশ হিচাপে আধুনিক জাহাজ আৰু নাও মুকলি কৰা হৈছে ।

উল্লেখযোগ্য যে 100 জন যাত্ৰী বহন কৰিব পৰা 10 খন Catamaranৰ মূল্য 38.43 কোটি । ইফালে, তিনিখন Tug Boatৰ‌ মূল্য 15.75 কোটি টকা ।‌ এই Tug Boatয়ে জল পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু উদ্ধাৰকাৰী নাওখন 1.79 কোটি মূল্যৰ ।

তেওঁ কয় যে যোৰহাট আৰু মাজুলীত ব্ৰহ্মপুত্ৰত অতি সোনকালেই নিশাৰ ক্ৰুজ চলোৱা হ’ব । ইতিমধ্যে নিশাৰ ক্ৰুজ গুৱাহাটীত আৰম্ভ হৈছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বিভিন্ন স্থানত চাৰিটা যাত্ৰীবাহী টাৰমিনেল স্থাপনৰ পৰিকল্পনা কৰা হৈছে ।

মুখ্যমন্ত্ৰী জনায় যে অহা বছৰ ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰি থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন সম্পূৰ্ণ হ'ব । আকৌ ব্ৰক্ষ্মপুত্ৰৰ ওপৰত শুৱালকুছি আৰু পলাশবাৰী মাজৰ দলংখন শীঘ্ৰে নিৰ্মাণ আৰম্ভ ‌হ’ব । লগতে কুৰুৱা আৰু নাৰেংগী সংযোগী দলংখনৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰ পৰা শীঘ্ৰে পোৱা যাব বুলি তেওঁ আশা ‌প্ৰকাশ‌ কৰে । অনুষ্ঠানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লাবৈদ্য আৰু অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৈঠকত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Scam in GMC: GMCৰ বোকা কেলেংকাৰী সন্দৰ্ভত ‘কেগ’ৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.