ETV Bharat / state

PM Fasal Bima Yojana: ২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ - Minister Atul Bora

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন ৷ 2019 চনৰ পৰা এই আঁচনিৰ অধীনত বিতৰণ কৰা হৈছে ধন ৷ এই অনুষ্ঠানত উপস্থিত থাকে গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ৷

PM Fasal Bima Yojana
২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ
author img

By

Published : May 19, 2023, 7:37 PM IST

২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 19 মে’: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন কৃষকক মুকলি ৰাজ্য চৰকাৰৰ ৷ শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰাকৃতিক কৃষি সম্মিলন, ২০২৩ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই যোজনাৰ হিতাধিকাৰীক মুকলি কৰি দিয়ে ধন (PM Fasal Bima Yojana) ৷

অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই (CM Himanta Biswa Sarma) কয় যে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে ইতিমধ্যে ৰাজ্যত এক লাখ ১৪ হাজাৰ ২১৮ গৰাকী কৃষক উপকৃত হৈছে ৷ ২০১৯ চনৰ পৰা অসমত আৰম্ভ হোৱা এই যোজনাৰ জৰিয়তে এতিয়ালৈকে ৮ লাখ ৩৪ হাজাৰ ৪৫৯ জন কৃষকে ৫০৪ কোটি টকা বীমাৰ ধন লাভ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আজিৰে পৰা নতুনকৈ ২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ কৰা হ’ব ৷ ইয়াৰ জৰিয়তে ৩ লাখ ২৪ হাজাৰ ৬৫ হাজাৰ জন কৃষক উপকৃত হ’ব ৷ ইয়াৰ ভিতৰত বাক্সা জিলাত ১০১ গৰাকী কৃষকে ২৯ লাখ টকা, বৰপেটাৰ ৮২৮৪ গৰাকী কৃষকে ৩৩ লাখ টকা লাভ কৰিব ৷’’

তেওঁ লগতে কয় যে, গাখীৰ উৎপাদন ‌কৰা কৃষককো চৰকাৰৰ ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত প্ৰাকৃতিক কৃষি খণ্ডক উদগনি আৰু কৃষকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ কৰি ৰাসায়নিক সাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Natural farming conclave in Guwahati) ৷

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘অসমৰ উৰ্বৰ কৃষিভূমিত প্ৰাকৃতিক কৃষি কৰ্মৰ বাবে প্ৰচুৰ সম্ভাৱনীয়তা আছে ৷ প্ৰাকৃতিক কৃষি পদ্ধতিৰে উৎপাদিত কৃষিজাত সামগ্ৰীয়ে মানৱ দেহত সুস্থতা বৰ্তাই ৰখাৰ লগতে কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগায় ৷’’

ইফালে, অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই (Minister Atul Bora) আদৰণি ভাষণত কয় যে, চৰকাৰে স্বাস্থ্য সম্মত প্ৰাকৃতিক কৃষি ব্যৱস্থা গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ১৫ খন জিলাত প্ৰাকৃতিক কৃষি ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা কৰিছে ৷

অনুষ্ঠানত অংশ লৈ গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে অসমৰ উৰ্বৰ কৃষিভূমিত প্ৰাকৃতিক কৃষি কৰ্মৰ বাবে প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰে ৷ এই ক্ষেত্ৰত চৰকাৰে প্ৰংশনীয় কাম কৰি আছে বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁ প্ৰাকৃতিক কৃষিৰ লাভালাভৰ বিষয়ে সদৰী কৰি কয় যে, প্ৰাকৃতিক কৃষি পদ্ধতিৰে উৎপাদিত কৃষিজাত সামগ্ৰীয়ে মানৱ দেহত সুস্থতা বৰ্তাই ৰাখে ৷ ভাষণত তেওঁ কৃষিভূমিত প্ৰাকৃতিক কৃষি কৰ্মৰ বিস্তৃত আলোকপাত কৰে ৷

লগতে পঢ়ক: Assam Tourism: সাগৰমালা উন্নয়ন নিগমৰ সৈতে অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.