ETV Bharat / state

জেলৰ ভাত খাব লাগিব আমিনুল ইছলামে : কঠোৰ সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Dhing mla Aminul Islam

কামাখ্যা মন্দিৰ সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক গৰাকীক এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰি(CM Himanta warns Dhing mla Aminul Islam)কয়, "সীমা চেৰাই কথা নক'ব । অন্যথা জেলৰ ভাত খাব লাগিব’’ ।

CM Himanta Biswa Sharma warns Dhing mla Aminul Islam
আমিনুল ইছলামক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Dec 5, 2021, 10:08 PM IST

গুৱাহাটী, ৫ ডিচেম্বৰ : "ভাৰতবৰ্ষৰ বহু স্থানত বিভিন্ন মন্দিৰ সাজিবলৈ ঔৰংজেৱে মাটি আৱন্টন দিছিল । আনকি কামাখ্য মন্দিৰ নিৰ্মাণৰ বাবেও ঔৰংজেৱে কেইবা একৰো মাটিৰ "ফৰমান" বা আৱন্টন দিছিল ।" সময়ে সময়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ ভাল পোৱা ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ মন্তব্য এয়া ।

কিদৰে এজন বিধায়কে এই ধৃষ্টতা দেখুৱাব পাৰে তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে । ইয়াৰ পূৰ্বেও এইজন বিধায়কে এনে বহু বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰিছিল । আমিনুল ইছলামৰ এনে মন্তব্যৰ পিছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই(CM Himanta Reaction against mla Aminul Islam) ।

আমিনুল ইছলামক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক গৰাকীক এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰি(CM Himanta warns Dhing mla Aminul Islam)কয়, "সীমা চেৰাই কথা নক'ব । অন্যথা জেলৰ ভাত খাব লাগিব । শ্বেৰমানতো জেলত আছেই, এনেধৰণৰ কথা বতৰা কৈ থাকিলে আমিনুলো জেললৈ যাব । কোনো ধৰ্মৰে উপাস্য সকলক লৈ কোনেও বিতৰ্কিত মন্তব্য নকৰিব" ৷

মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে, অসমত এইখন চৰকাৰ থকালৈকে আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বিৰুদ্ধে কোৱা এটা শব্দও সহ্য কৰা নহ'ব । তেওঁ কয় যে, বিজেপি চৰকাৰ এতিয়া‌ স্থায়ী হৈছে । প্ৰথমাৱস্থাত বহুতে এয়া ঢৌ বুলি ক’ব খুজিছিল যদিও লাহে লাহে ই স্পষ্ট হৈ পৰিছে যে দেশৰ ৰাজনীতিত বিজেপি এতিয়া কেন্দ্ৰবিন্দু ।

লগতে পঢ়ক: কামাখ্যা মন্দিৰৰ বাবে মাটি দিছিল ঔৰংজেৱে : আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.