গুৱাহাটী, ১৫ জানুৱাৰী: হেঁপাহৰ ভোগালী বিহুৰ পুৱাই অন্য ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । নিজেই গাড়ী চলাই উপস্থিত হ’ল অসম ৰাজ্যিক চিৰিয়াখানাত (Assam State Zoo cum Botanical Garden) । নিজ হাতেৰে চিৰিয়াখানাৰ ভাটৌ, মইনা আদি বিভিন্ন চৰাইক খাদ্য খুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে আজি সংক্ৰান্তিৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক চিৰিয়াখানা দৰ্শন কৰে (CM Himanta Biswa Sarma in Assam State Zoo)।
চালকৰ আসনত বহি নিজে গাড়ী চলাই চিৰিয়াখানত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma visited assam state zoo) । সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita in Assam State Zoo)। চিৰিয়াখানা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম ৰাজ্যিক চিৰিয়াখানাক নতুন ৰূপ দিয়াৰ বাবে যথেষ্টখিনি কাম কৰাৰ প্ৰয়োজন আছে । চিৰিয়াখানাখনক সুন্দৰকৈ গঢ়ি তোলাৰ প্ৰসংগত আজি আলোচনা কৰা হয় ।
প্ৰযুক্তিগত ভাৱে চিৰিয়াখানাক উন্নত কৰাত গুৰুত্ব আৰোপ কৰি তেওঁ পশু চিকিৎসক নতুনকৈ নিযুক্তি দিয়াৰ কথা সদৰী কৰে । জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে পশু চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰিব লাগিব । তেওঁ চিৰিয়াখানাৰ সৰ্বাংগীন উন্নয়নৰ বাবে বন বিভাগক ফেব্ৰুৱাৰী মাহৰ ভিতৰত এখন ডি পি আৰ দিয়াৰ বাবে নিৰ্দেশ দিয়ে ।
তেওঁ লগতে কয় যে চিৰিয়াখানাত পূৰ্বৰ প্ৰাকৃতিক পৰিৱেশ নাই । চিৰিয়াখানাক উন্নত কৰিবলগীয়া কাম বহুত আছে । মুখ্যমন্ত্ৰীয়ে জনোৱা মতে শীঘ্ৰেই ৰাজ্যিক চিৰিয়াখানাত নির্মাণ হ’ব শিশুৰ খেলা-ধূলাৰ বিশেষ স্থানৰ লগতে বাঁহৰ পাৰ্ক । আনহাতে জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব বেটেৰিচালিত বাহন । সেইদৰে এতিয়াৰে পৰা চিৰিয়াখানাৰ জীৱ-জন্তুৰ দায়িত্ব ল’ব পাৰিব ৰাইজে । প্ৰতিটো জীৱ-জন্তুৰ খোৱাৰ দায়িত্ব ল’ব পাৰিব ইচ্ছুক ৰাইজে ।
যিসকলে সহায় আগবঢ়াব বা চোৱাচিতা কৰিব তেওঁলোকৰ নাম লিখা থাকিব ফলকত । উল্লেখ্য যে জি-২০ সন্মিলনৰ অসমত হ'বলগীয়া বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি আজি মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক চিৰিয়াখানাৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । বাহিৰৰ পৰা অহা প্ৰতিনিধিসকলে ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰাৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক কেতবোৰ নিৰ্দেশনা প্ৰদান কৰে ।
ইফালে উৰুকা উপলক্ষ্যে বিভিন্নজনৰ পৰা লাভ কৰা মাছ সন্দৰ্ভত সাংবাদিকে সোধাত মুখ্যমন্ত্ৰীয়ে কয় - "মই দুই টুকুৰামান মাছ খালোঁ । বাকী খিনি ভগাই দিলোঁ । ৰাইজৰ বস্তু ৰাইজকে ভগাই দিলো ।" আনহাতে উৰুকাৰ নিশা ড্ৰাগছ উদ্ধাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- "এতিয়া ড্ৰাগছ কেজি হিচাপত আহে, পূৰ্বতে গ্ৰাম হিচাপত আহিছিল । ড্ৰাগছ বিৰোধী অভিযান ভালদৰে চলি আছে ।"
সেইদৰে উৰুকাৰ নিশা হোৱা চুৰিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়- "গুৱাহাটীত ১০-১২ লাখ মানুহ থাকে । দুই-এটা চুৰিকাণ্ড সংঘটিত হ'ব পাৰে । কিন্তু চুৰিকাণ্ড সংঘটিত হৈছে যদি চোৰো ধৰা পৰিব ।" আনহাতে ২৬ হাজাৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- "মোৰ ডেডলাইন জানুৱাৰী নাইবা ফেব্ৰুৱাৰী নহয় । মোৰ ডেডলাইন ২৬ ।"