ETV Bharat / state

BPL উপভোক্তাই 10 টা কিস্তিত পৰিশোধ কৰিব পাৰিব বকেয়া বিল

চাহ বাগানৰ শ্ৰমিক তথা BPL উপভোক্তাৰ বাবে বকেয়া বিল 10 টা কিস্তিত পৰিশোধ কৰাৰ সুবিধা । 4,80,249 টা পৰিয়ালক নতুনকৈ বিদ্যুৎ সংযোগ প্ৰদানৰ ক্ষেত্ৰত সৌভাগ্য প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰক মুঠ 1,719 কোটি টকা মঞ্জুৰি দিছে কেন্দ্ৰই ৷ দেওবাৰে গুৱাহাটীৰ বিজুলী ভৱন (Bijulee Bhawan)ত তিনিটা বিদ্যুৎ কোম্পানী (Electricity Company)ৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে এক বৈঠক (Meeting)ত মিলিত হৈ এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷

himanta biswa sarma review meeting on power
বিদ্যুৎ কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
author img

By

Published : Aug 1, 2021, 9:50 PM IST

গুৱাহাটী, 1 আগষ্ট : গুৱাহাটীৰ বিজুলী ভৱন (Bijulee Bhawan)ত দেওবাৰে তিনিটা বিদ্যুৎ কোম্পানী (Electricity Company) ক্ৰমে- APDCL, AEGCL আৰু APGCL ৰ শীৰ্ষ বিষয়ববীয়াৰে এক পৰ্যালোচনা বৈঠক (Meeting) ত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । বৈঠকত কোম্পানী তিনিটাৰ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে উক্ত বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা চাহ বাগানৰ শ্ৰমিক তথা BPL উপভোক্তাসকলৰ ওপৰত 20 শতাংশ চাৰ্জ আৰোপ কৰা নহ’ব আৰু বকেয়া বিল 10 টা কিস্তিত পৰিশোধ কৰিব পাৰিব উপভোক্তাসকলে ।

himanta biswa sarma review meeting on power
বিদ্যুৎ কোম্পানীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

লগতে পঢ়ক : বিৰোধী বিধায়ক হৈ বহুখিনি কাম কৰিব নোৱাৰিলোহেতেন : সুশান্তৰ প্ৰতিক্ৰিয়া

আনহাতে, APDCL য়ে 1,600 টা পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ’ব । 4,80,249 টা পৰিয়ালক নতুনকৈ বিদ্যুৎ সংযোগ প্ৰদানৰ ক্ষেত্ৰত সৌভাগ্য প্ৰকল্পৰ বাবে কেন্দ্ৰই অসম চৰকাৰক মুঠ 1,719 কোটি টকা মঞ্জুৰি দিছে । ৰাজ্যৰ 48,557 টা অংগনবাদী কেন্দ্ৰ আৰু 13,321 খন এল পি স্কুলত ডিচেম্বৰৰ ভিতৰত বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব ।

চৰকাৰী বিষয়াসকলে প্ৰতি মাহৰ 1 তাৰিখে বিদ্যুৎ মাচুল প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, বিদ্যুৎ চুৰি, ট্ৰান্সমিশ্যন ক্ষতি আদিৰ বাবে প্ৰতি মাহে হোৱা প্ৰায় 102 কোটি টকা লোকচান ৰোধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হ’ব । APDCLৰ জুলাই মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ 300 কোটি টকালৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক : কাৰাগাৰৰ বন্ধ কুঠৰীত সৃষ্টিশীলতাৰ অনন্য নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.