ETV Bharat / state

Polygamy in Assam: চলিত বিত্তীয় বৰ্ষতে আহিব বহুবিবাহ ৰোধৰ আইন; মুখ্যমন্ত্রী

author img

By

Published : Aug 6, 2023, 8:29 PM IST

চলিত বিত্তীয় বৰ্ষতে বহুবিবাহ ৰোধৰ আইন বিধানসভালৈ আহিব। বহুবিবাহ ৰোধৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ আইন প্ৰণয়নৰ ক্ষমতা আছে নে নাই সেই সন্দৰ্ভত সকলো দিশ চালি-জাৰি চোৱাৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হৈছিল - মুখ্যমন্ত্রী

Expert committee report regarding polygamy
চলিত বিত্তীয় বৰ্ষতে আহিব বহুবিবাহ ৰোধৰ আইন : মুখ্যমন্ত্রী

গুৱাহাটী, ৬ আগষ্ট: অসমত চলিত বিত্তীয় বৰ্ষতে আহিব বহুবিবাহ ৰোধৰ আইন। এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, বহুবিবাহ ৰোধক লৈ অসম চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে দেওবাৰে দাখিল কৰে প্ৰতিবেদন।

বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে এই প্ৰতিবেদন। এই সন্দৰ্ভত সংবাদমেলত মুখ্যমন্ত্রীক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে, চলিত বিত্তীয় বৰ্ষতে বহুবিবাহ ৰোধৰ আইন বিধানসভালৈ আহিব। বহুবিবাহ ৰোধৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ আইন প্ৰণয়নৰ ক্ষমতা আছে নে নাই সেই সন্দৰ্ভত সকলো দিশ চালি-জাৰি চোৱাৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হৈছিল। আজি সমিতিখনে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছে আৰু ৰাজ্য চৰকাৰৰ আইন প্ৰণয়নৰ ক্ষমতা থকাৰ কথা কৈছে ।

এই আইনখনৰ ক্ষেত্রত চূড়ান্ত অনুমোদন ৰাজ্যপালৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি জনাব লাগিব বুলি সমিতিয়ে জানিবলৈ দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । তেওঁ লগতে কয় যে বিশেষজ্ঞ সমিতিয়ে কেতবোৰ এক্টৰ কথা কৈছে আৰু আন কেতবোৰ পৰামৰ্শ আগবঢ়াইছে । আগন্তুক বিধানসভাৰ অধিৱেশনত নহ’লেও চলিত বিত্তীয় বৰ্ষত আইনখন বিধানসভাত উত্থাপন কৰা হ'ব।

cm-himanta-biswa-sarma-react-on-expert-committee-report-regarding-polygamy

বিধায়কসকলক আলোচনাৰ বাবে সুবিধা দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে দল-সংগঠনৰ মতামত লোৱাৰ প্ৰয়োজন নাই। কাৰণ সকলোৱে ইয়াক আদৰণি জনাইছে। কোনেও বিৰোধ কৰা নাই। প্ৰয়োজন বোধ হ'লে চিন্তা-চৰ্চা কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১১ মে'ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাচতে বহুবিবাহ বন্ধ কৰাৰ ক্ষেত্রত আইনী পৰীক্ষাৰ লগতে এখন আইন প্ৰণয়ন কৰাৰ বাবে দক্ষতাসম্পন্ন বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমি ফুকনৰ অধ্যক্ষতাত সমিতিখন গঠন কৰা হৈছিল।

সমিতিখনত সদস্য হিচাবে আছিল মহাধিবক্তা দেৱজিৎ শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলিন কোহলী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান। বহুবিবাহ ৰোধক লৈ অসম চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে দেওবাৰে দাখিল কৰে প্ৰতিবেদন।

লগতে পঢ়ক: Price hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম প্রদেশ কংগ্ৰেছ কমিটি; সংবাদমেল সম্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.