গুৱাহাটী, ৭ অক্টোবৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ঋণৰ উপৰি ঋণ লৈ অহাৰ বিপৰীতে অপ্ৰয়োজনীয় খৰচেৰে ৰাজকোষৰ ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তাৰ মাজতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ ভ্ৰমণ তথা আন কেতবোৰ ব্যয় সংকোচনৰ বাবে জাৰি কৰা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাসহ কাৰ্যালয় স্মাৰক ৷
দিছপুৰৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ নামত বিশাল ধনৰাশি খৰচ কৰাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী, মন্ত্ৰী-আমোলাৰ ভ্ৰমণ খৰচ আদিৰ খৰচক লৈ চৰকাৰখন বিভিন্ন সময়ত সমালোচিত হৈ আহিছে ৷ তাৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী মাহটোৰ সৰহভাগ সময়েই ৰাজ্য তথা দিল্লীকে ধৰি বিভিন্ন ঠাইত ভ্ৰমণ কৰিবলগীয়া হয় ৷ সেয়ে ব্যয় সংকোচনৰ অৰ্থে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ।
কাৰ্যালয় স্মাৰকখনত কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কামনা কৰে যে তেওঁৰ ভ্ৰমণৰ সময়ত চৰকাৰী কাৰ্যসূচী নাইবা সভাসমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ বাহিৰে কোনো অতিৰিক্ত বিশেষ ব্যৱস্থা কৰাৰ পৰা বিৰত থাকক । লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- তেওঁৰ চৰকাৰী ভ্ৰমণৰ সময়ত জিলা প্ৰশাসনে কৰিবলগীয়া অতিৰিক্ত খৰচো ন্যূনতম কৰিব লাগিব ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেওঁৰ কাৰ্যালয়ে ব্যয় সংকোচনৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ :
১) মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সৈতে জড়িত নিৰাপত্তাৰক্ষী আৰু মুখ্য কাৰ্যালয়ৰ বিষয়াসকলৰ ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ থকাৰ ব্যৱস্থা আৰু খাদ্য যোগানৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকা সীমিত হ’ব । বিষয়াসকলে নিজৰ থকা-খোৱাৰ সকলো খৰচ সাধাৰণতে নিজেই বহন কৰিব যাৰ বিপৰীতে টি এ আৰু ডি এৰ সুবিধা দিয়া হ’ব । কিন্তু যিকোনো চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে স্থানীয় প্ৰশাসনে আয়োজন কৰা চৰকাৰী দুপৰীয়া বা নৈশ আহাৰ গ্ৰহণৰ কাৰ্যসূচীত এই নিয়ম ব্যতিক্ৰম হ’ব ।
২) মুখ্যমন্ত্ৰীৰ থকা-খোৱা আৰু থকাৰ বিলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিজেই বিল পৰিশোধ কৰিব ।
৩) মুখ্যমন্ত্ৰীৰ চৰকাৰী দৰ্শনাৰ্থীৰ আপ্যায়ন আদিৰ খৰচৰ ক্ষেত্ৰত জিলা উপায়ুক্তই প্ৰমাণিত বিলসমূহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিব । মুখ্যমন্ত্ৰীৰ সচিবালয়ে অগ্ৰাধিকাৰ ভিত্তিত এই ধন পৰিশোধ কৰিব ।
৪) কেবিনেট/পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে সাধাৰণতে বৈঠকৰ বাবে প্ৰয়োজনীয় ব্যয়ৰ বাহিৰে আন কোনো অতিৰিক্ত ব্যয় কৰিব নোৱাৰিব । কেবিনেটৰ বৈঠক পৰিচালনাৰ বাবে কোনো নিয়মিত কামৰ বাদে মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম কৰিব নোৱাৰিব ৷ কেবিনেট বৈঠক পৰিচালনাৰ উদ্দেশ্যে জিলাখনৰ আয়ুক্তলৈ তাৎক্ষণিকভাৱে এককালীন ৫ লাখ টকা সাধাৰণ প্ৰশাসন বিভাগৰ দ্বাৰা মুকলি কৰা হ’ব ৷
৫) মুখ্যমন্ত্ৰীয়ে আয়োজন কৰা কোনো চৰকাৰী দুপৰীয়া/নৈশ আহাৰ গ্ৰহণ কাৰ্যসূচীৰ ক্ষেত্ৰত প্ৰমাণিত বিলসমূহ জিলা উপায়ুক্তই ধন পৰিশোধৰ বাবে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ ওচৰত দাখিল কৰিব ৷
৬) মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা চৰকাৰী ৰাজহুৱা সভা/ কাৰ্যসূচীৰ ক্ষেত্ৰত খৰচ সংশ্লিষ্ট বিভাগে বহন কৰিব । এটাতকৈ অধিক বিভাগ জড়িত কাৰ্যসূচীৰ ক্ষেত্ৰত, ব্যয় এটা বিভাগে বহন কৰিব অন্যথা জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি সংশ্লিষ্ট বিভাগসমূহৰ মাজত উপযুক্তভাৱে সমানে ভাগ কৰি ল’ব । বিভাগসমূহে এনে ধন পৰিশোধৰ বাবে জিলা প্ৰশাসনে কৰা দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত আঁচনিৰ প্ৰশাসনিক পুঁজিৰ পৰা নহ’লে নিয়মীয়া বাজেট আৱণ্টনৰ জৰিয়তে পৰিশোধ কৰিব ৷
৭) মুখ্যমন্ত্ৰীৰ কনভয়ত জিলা প্ৰশাসনে প্ৰদান কৰা POL আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসকলে ব্যৱহাৰ কৰা বাহনসমূহৰ ক্ষেত্ৰত প্ৰমাণিত বিলসমূহ বাহন আৰু ব্যৱহাৰকাৰী বিষয়াৰ সবিশেষৰ সৈতে মুখ্যমন্ত্ৰী সচিবালয়ত দাখিল কৰিব লাগিব ৷ কনভয়ৰ নিৰাপত্তাৰক্ষী বাহনৰ বাবে POL প্ৰদান কৰিব আৰক্ষী কৰ্তৃপক্ষই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিৰ্দেশ দিছে যে জিলাসমূহৰ মন্ত্ৰীসকলৰ চৰকাৰী ভ্ৰমণ/কাৰ্যসূচীৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা প্ৰযোজ্য হ’ব । কিন্তু ব্যয় সংকোচন আৰু খৰচৰ স্বচ্ছতাৰ বাবে মুখ্যমন্ত্ৰীৰ এই লানি নিৰ্দেশে ৰঙা ফিটাৰ মেৰপাক কিমান কমাব লগতে ব্যয় কিমান সংকুচিত কৰিব সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: SP Leena Doley in Nagaon : নগাঁও আৱৰ্ত ভৱনত উপস্থিত SP লীনা দলে