ETV Bharat / state

19 গৰাকী সৰ্বোচ্চ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ - CM officially announced the name of awardees

সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ", "অসম সৌৰভ" আৰু "অসম গৌৰৱ"ৰ বাবে নিৰ্বাচিত মুঠ ১৯ গৰাকী ব্যক্তিৰ নাম শনিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ"(Assam baibhav Awards) আগবঢ়োৱা হৈছে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ ।

Cm announces Assam baibhav Sourav and Gaurav awards
19 গৰাকী সৰ্বোচ্চ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ
author img

By

Published : Dec 4, 2021, 3:48 PM IST

গুৱাহাটী, ৪ ডিচেম্বৰ: এই বছৰৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ", "অসম সৌৰভ" আৰু "অসম গৌৰৱ"ৰ বাবে নিৰ্বাচিত মুঠ ১৯ গৰাকী ব্যক্তিৰ নাম শনিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Cm announces Assam baibhav, Sourav and Gaurav awards) । দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী অজন্তা নেওগ, ডাঃ ৰনোজ পেগু, অতুল বৰা, পীযুষ হাজৰিকা আৰু মুখ্য সচিব জিষ্ণু বৰুৱাক লগত লৈ এখন সংবাদমেলত এই ১৯ গৰাকী ব্যক্তিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে (CM officially announced the name of awardees) ।

সমাজৰ বিভিন্নজনৰ জীৱনক উৎসাহিত কৰিব পৰাকৈ নীৰৱে কাম কৰি অহা ব্যক্তি সকলক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । সেই অনুসৰি সৰ্বোচ্চ অসামৰিক সন্মান "অসম বৈভৱ"(Assam baibhav Awards) আগবঢ়োৱা হৈছে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ । অসমত কেঞ্চাৰ হাস্পতাল নিৰ্মাণৰ ক্ষেত্ৰত অৱদানৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে এই সৰ্বোচ্চ সন্মান ।

আনহাতে, দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান "অসম সৌৰভ"(Assam Sourav awards) আগবঢ়োৱা হৈছে পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ । তেওঁলোক হৈছে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক কমলেন্দু দেৱ ক্ৰোড়ী, এন এইছ এমৰ অসমৰ মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মনন এছ, বেংকক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দীপকচান্দ জৈন, অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা ৷

লগতে পঢ়ক: Jorhat Mob Lynching : আৰক্ষীৰ জালত আন এক অভিযুক্ত

একেদৰে, তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান "অসম গৌৰৱ"(Assam Gaurav awards)ৰ বাবে নিৰ্বাচিত কৰা হৈছে নিজা নিজা কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই হাজাৰজনক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হোৱা ১৩ গৰাকী বিশিষ্ট লোকলৈ ।

তেওঁলোক হ'ল- ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাটে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বসন্ত হাজৰিকা, যোৰহাটৰ নবীন উদ্যোগী আকাশজ্যোতি গগৈ, উত্তৰ অসমত গাহৰিৰ ব্যৱসায়েৰে নিজে স্বাৱলম্বী হৈ আনকো স্বাৱলম্বী হোৱাৰ বাট দেখুওৱা মনোজ কুমাৰ বসুমতাৰী, এভাৰেষ্ট আৰোহণ কৰা খৰছিং টেৰণ ৷

তিনিচুকীয়াৰ মিলিজুলি আত্মসহায়ক গোটৰ নেতৃত্ব দিয়া ববী হাজৰিকা, গামোচাত গুণমালা বৈ উলিওৱা হেমপ্ৰভা চুতীয়া, এক লাখ লোকক নিজ হাতে ভেকচিন দিয়া এ এন এম নাৰ্চ নমিতা কলিতা, ভেকচিন লবলৈ মান্তি নোহোৱা এখন গাৰো গাৱৰ সকলো লোককে বুজাই বঢ়াই ভেকচিন দিয়াবলৈ সক্ষম হোৱা আশা কৰ্মী বনিতা মমিন ৷

লগতে পঢ়ক: Sikha Sarma against CM : পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিখা শৰ্মাৰ

কাজিৰঙাক নতুন ৰূপ দিয়া বন বিষয়া ধৰনীধৰ বড়ো, অসমৰ নেমুটেঙাকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা কৌশিক বৰুৱা, ওদালগুৰিৰ অংগনৱাড়ী কৰ্মী কল্পনা বড়ো আৰু বি বৰুৱা কেঞ্চাৰ হাস্পতালত প্ৰথমবাৰৰ বাবে ব'নমেৰু ট্ৰেঞ্চপ্লান্ট উইং সফলতাৰে মুকলি কৰা ডাঃ আছিফ ইকবাললৈ আগবঢ়োৱা হৈছে "অসম গৌৰৱ" সন্মান ।

অহা ২৪ জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে, এইবাৰ ২৪ জানুৱাৰীত এই সন্মান প্ৰদান কৰিলেও পৰৱৰ্তী বছৰৰ পৰা ২ ডিচেম্বৰ অৰ্থাৎ অসম দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হ'ব । অসম বৈভৱ সন্মান লাভ কৰোতা গৰাকীক পাঁচ লাখ টকা আৰু অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান প্ৰাপক সকলক প্ৰদান কৰা হ'ব তিনি লাখকৈ টকা ৷

ইয়াৰোপৰি বঁটা প্ৰাপক সকলোৰে যিকোনো সময়ত হ'ব পৰা চিকিৎসাৰ ব্যয় প্ৰত্যেকৰে দুই লাখ টকালৈকে বহন কৰিব চৰকাৰে । ইয়াৰোপৰি তেওঁলোকে অসম ভৱন বা আছাম হাউচ সমূহত বিনামূলীয়াকৈ থাকিব পাৰিব । অসম চৰকাৰৰ সকলো অনুষ্ঠানতে তেওঁলোকক বিশেষভাবে আমন্ত্ৰণ জনোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।

তেওঁ আৰু কয় যে, এই সন্মান হ'ব ৰাইজৰ বাচনিৰ দ্বাৰা । শীঘ্ৰে চৰকাৰে এক প'ৰ্টেল মুকলি কৰিব আৰু সেই প'ৰ্টেলত ৰাইজে এনে সন্মান লাভ কৰাৰ বাবে যোগ্য বিভিন্নজনৰ নাম জনাব পাৰিব । সেই অনুসৰি চৰকাৰে গঠন কৰি দিয়া দুখন বিশেষ সমিতিয়ে সেইসকল লোকৰ বিষয়ে অধ্যয়ন কৰি তালিকা চূড়ান্ত কৰিব ।

লগতে পঢ়ক: ভাৰতীয় নৌ সেনা দিৱস 2021

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.