ETV Bharat / state

Assam CM Meets JP Nadda in Delhi : দিল্লীত নাড্ডা-শ্বাহৰে বৈঠক ড৹ শৰ্মা-কলিতাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:03 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উৰা মাৰিলে দিল্লীলৈ ৷ উপস্থিত হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ চৰকাৰী বাসগৃত, য’ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহো ৷ তিনিওৰে মাজত অনুষ্ঠিত হ’ল প্ৰায় এঘন্টাজোৰা বৈঠকৰ ৷

Assam CM Meets JP Nadda in Delhi
দিল্লীত নাড্ডা-শ্বাহৰে বৈঠক ড৹ শৰ্মা-কলিতাৰ

নিউজ ডেস্ক, 31 অক্টোবৰ : মঙলবাৰে নিশা হঠাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উৰা মাৰিলে দিল্লীলৈ ৷ দিল্লীগৈ গৈ দুয়োগৰাকী উপস্থিত হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ চৰকাৰী বাসগৃত, য’ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহো ৷ তিনিওৱে মাজত অনুষ্ঠিত হ’ল প্ৰায় এঘন্টাজোৰা বৈঠকৰ ৷

স্বাভাৱিকতেই উক্ত বৈঠকৰ মূল বিষবস্তু আছিল সমাগত লোকসভা নিৰ্বাচন ৷ শাসকীয় বিজেপিৰ মিত্ৰদল ইউ পি পি এল আৰু অগপক ৰাজ্যৰ কোন কোনকেইটা সমষ্টি প্ৰদান কৰা হ’ব তাক লৈ হ’ল আলোচনা ৷ ইয়াৰোপৰি আলোচনাত স্থান পালে বিজেপিৰ সাংগঠনিক কথা-বতৰায়ো ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জানিবলৈ দিছিল যে মিত্ৰদল অগপ আৰু ইউ পি পি এলক কমেও একোটাকৈ সমষ্টি প্ৰদান কৰা হ’ব যিকেইটা সমষ্টিত দল দুটাই ভাল ফলাফল দেখুৱাব পাৰে ৷ বিশেষকৈ এইসমূহ বিষয়ক লৈ মঙলবাৰে নিশা মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰে ৷

মন কৰিবলগীয়া যে সমাগত 2024ৰ লোকসভা নিৰ্বাচনক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত৷ বিগত 10 টা বছৰে দেশক শাসন কৰা বিজেপি দলে জনমানসত আত্মবিশ্বাস প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি থকাৰ সমান্তৰালকৈ মাৰ বান্ধি ঠিয় হৈছে বিৰোধী দলসমূহো ৷ একেৰাহে তৃতীয়বাৰলৈ বিজেপিক শাসনলৈ অহাত যাতে বাধা দিব পাৰে তাৰ বাবে বাঘে-ছাগে একেঘাটত পানী খাবলৈও সাজু হৈছে প্ৰায়সংখ্যক বিৰোধী দল ৷ তাৰ বাবে ইখনৰ পাচত সিখন সভা অনুষ্ঠিত কৰি ৰণনীতি প্ৰস্তুত কৰাও দেখা গৈছে ৷

বিৰোধী দলসমূহৰ এই মিতিৰালিৰ ফলাফল যিয়েই নহওক, শাসকীয় দল বিজেপিয়ে ক’বলৈ অথবা দেখুৱাবলৈ সংকোচ কৰিলেও স্বাভাৱিকতেই চিন্তাত পৰিছে ৷ সেয়েহে বিৰোধীৰ এই ঐক্যশক্তিৰ লগত যুঁজিবলৈ যিখিনি ৰণনীতিৰ প্ৰয়োজন তাত যাতে খুঁট থাকি নাযায় তাৰ ব্যৱস্থা কৰিছে ৷ যাৰ বাবে মঙলবাৰে হঠাৎ দিছপুৰৰ পৰা চিধাই দিল্লী পালেগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷

লগতে পঢ়ক : BJP leaders on Oppositions unity: বিৰোধী ঐক্যক কঠোৰ সমালোচনা তিনি বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.