ETV Bharat / state

Project Flag off in Guwahati: মহানগৰীত 1777 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু ভূমি পূজন

author img

By

Published : Jan 5, 2023, 4:45 PM IST

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত কেইবাটাও বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমি পূজন সম্পন্ন কৰে ৷ 1777 কোটি টকা ব্যয় সাপেক্ষে সম্পূৃৰ্ণ কৰা হ’ব প্ৰকল্পকেইটা (Project Flag off in Guwahati)৷

Project Flag off in Guwahati
মহানগৰীত 1777 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা আৰু ভূমি পূজন

গুৱাহাটী, 5 জানুৱাৰী : বৃহস্পতিবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে কেইবাটাও প্ৰকল্পৰ (Project Flag off in Guwahati)৷ প্ৰকল্পকেইটাৰ আধাৰশিলাৰ লগতে ভূমি পূজন কাৰ্যসূচীও সম্পন্ন কৰা হয় ৷ যোৱা 5 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা বিকাশৰ পষেক কাৰ্যসূচীৰ অন্তৰ্গত এই বৃহৎ প্ৰকল্পৰ আধাৰশিলা আৰু ভূমি পূজন কৰা হয় ৷ উক্ত কাৰ্যসূচীত ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীও উপস্থিত থাকে (Governor Prof Jagdish Mukhi)৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত অসম চৰকাৰৰ বিকাশৰ বাবে এদিন কাৰ্যসূচীৰ অংশ হিচাবে মহানগৰীত 1777 কোটি টকাৰ কেবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰে (Bhumi Pujan in Guwahati)৷ এই কাৰ্যসূচীৰ অংশ হিচাবে প্ৰথমে পুৱা খাৰঘূলিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন ৰাজভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে চৰকাৰে যোৱা 5 ডিচেম্বৰৰ পৰা বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী আৰম্ভ কৰিছিল ৷ এই কাৰ্যসূচীৰ অংশ হিচাবে নলবাৰী, বঙাইগাঁও, মৰিগাঁও, বিশ্বনাথ, তামুলপুৰ, গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড় আদি 11 খন জিলাত 15000 কোটি টকাৰ নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন ৰাজভৱন নিৰ্মাণৰ(New Raj Bhavan Assam) বাবে পুৰণি ৰাজভৱনৰ কাষত থকা বেলিভিউ হোটেলৰ(Bellevue Hotel Guwahati) পৰা অধিগ্ৰহণ কৰা মাটিত নতুন ৰাজভৱন নিৰ্মাণ কৰা হ’ব ৷ 41.32 কোটি টকা‌ ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগে 18 মাহৰ ভিতৰত এই নতুন ৰাজভৱন নিৰ্মাণ কৰি উলিয়াব । তেওঁ কয় যে নতুন ৰাজভৱনত ভৱিষ্যতে হেলিপেড নিৰ্মাণৰ কামো কৰা হ’ব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি কাম হাতত লয় সেয়া সময় মতে কৰি দেখুৱায় । যাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বিকাশ‌ পুৰুষ বুলি জনাজাত ৷ তেওঁ কয়-" আমাৰ বাবে এয়া ডাঙৰ প্ৰকল্প ৷ কিন্তু মুখ্যমন্ত্ৰীৰ বাবে এয়া সৰু প্ৰকল্প’’ ।

অনুষ্ঠানত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী আদি উপস্থিত আছিল ৷ উল্লেখ্য যে, ইয়াৰ লগতে বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীত সংহত সঞ্চালকালয়, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, সংহত উপায়ুক্তৰ কাৰ্যালয়, আন্তজাৰ্তিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ আদিৰ আধাৰশিলা আৰু ভুমি পূজনৰ কামো মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে ৷

লগতে পঢ়ক: Development Works in Guwahati: পাণবজাৰ আৰক্ষী ছাউনিৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.