ETV Bharat / state

Mobile Blood Donation Van: ৰাজ্যৰ সকলো চিকিৎসালয়ত উপলব্ধ হ'ব ভ্ৰাম্যমান ৰক্তদান বাহন: মুখ্যমন্ত্রী - গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

জনতা ভৱনত পাঁচখন নতুন ভ্ৰাম্যমান ৰক্তদান বাহনৰ ফ্লেগ অ'ফ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদৰ 5 খন ভ্ৰাম্যমান ৰক্তদান বাহন আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰে মুখ্যমন্ত্রীয়ে ।

Mobile Blood Donation Van
ৰাজ্যৰ সকলো চিকিৎসালয়ত উপলব্ধ হ'ব ভ্ৰাম্যমান ৰক্তদান বাহন
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:23 PM IST

ৰাজ্যৰ সকলো চিকিৎসালয়ত উপলব্ধ হ'ব ভ্ৰাম্যমান ৰক্তদান বাহন

গুৱাহাটী,7 নৱেম্বৰ : ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডত নতুনকৈ সংযোজন হ'ল পাঁচখন ভ্ৰাম্যমান ৰক্তদান বাহন । মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ জনতা ভৱন চৌহদৰ পৰা অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদৰ 5 খন ভ্ৰাম্যমান ৰক্তদান বাহন আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰে ।

উল্লেখ্য যে, অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদৰ তত্বাৱধানত ৰূপায়িত স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীত সহায়ক হোৱাকৈ ৰাজ্যক পাঁচখন চিকিৎসালয়লৈ আগবঢ়োৱা হৈছে উক্ত বাহন কেইখন ৷ ইয়াৰে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, কাছাৰৰ এছ এন দেৱ অসামৰিক চিকিৎসালয়, মঙলদৈ অসামৰিক চিকিৎসালয় আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ এই বাহনকেইখন আগবঢ়োৱা হৈছে ।

স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শৰ্মাই ফ্লেগ অ'ফ কৰাৰ লগে লগে নতুন ভ্ৰাম্যমাণ ৰক্তদান বাহন কেইখন নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হয় । অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, সচিব বৰ্ণালী শৰ্মা আৰু অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদৰ অধ্যক্ষা ইন্দ্ৰানুসী দাস উপস্থিত আছিল ।

উল্লেখ্য যে, অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে জৰুৰীভাৱে প্ৰয়োজনীয় ৰক্ত উপলব্ধ কৰাত সহায় হোৱাকৈ স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীত ৰাজ্যবাসীক উৎসাহিত কৰি আহিছে । ৰাজ্যৰ বিভিন্ন অংশৰ আগ্ৰহী জনসাধাৰণে যাতে স্বেচ্ছামূলক ৰক্তদানেৰে এই কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়োৱাত কোনো অসুবিধা নাপায় তাৰ বাবে 2019-20 বৰ্ষত বহুকেইখন জিলাক সামৰি ১১খন ভ্ৰাম্যমান ৰক্তদান বাহন প্ৰথমবাৰলৈ স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীত সংযোজন কৰা হৈছিল ।

এই বাহনসমূহৰ জৰিয়তে সংশ্লিষ্ট জিলাৰ লগতে দাঁতিকাষৰীয়া জিলাতো স্বেচ্ছামূলক ৰক্তদান কাৰ্যসূচীৰ অধীনত ৰক্ত সংগ্ৰহৰ ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কৰিব পৰা বুলি জানিব পৰা গৈছে । আজি নতুনকৈ পাঁচখন ভ্ৰাম্যমান ৰক্তদান বাহনৰ সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 2024-25 বৰ্ষৰ ভিতৰতে ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু সকলো জিলা অসামৰিক চিকিৎসালয়তে একোখনকৈ ভ্ৰাম্যমান ৰক্তদান বাহন উপলব্ধ কৰা হ'ব ।

লগতে পঢ়ক:Jal Diwali 2023: ৰাজ্যৰ 13 খন চহৰকে ধৰি মহানগৰীত জল দীপাৱলীৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.