গুৱাহাটী, ১১ ডিচেম্বৰ : দেশৰ কেবাখনো ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই বিশেষ চৰ্চাত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক পুনৰ মহম্মদ আলী জিন্নাৰ মুছলিম লীগৰ লগত তুলনা কৰি কংগ্ৰেছ তথা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ প্ৰতি সমালোচনামুখৰ হৈ পৰিছে ।
-
In my long political career I could have never imagined that Cong will stoop so low in their attempt to capture the vote bank of one religion.
— Himanta Biswa Sarma (@himantabiswa) November 11, 2023 " class="align-text-top noRightClick twitterSection" data="
By coming up with religion specific manifestos, Cong is fulfilling the vision of Mohammed Ali Jinnah’s Muslim League.
Thread 👇
1/3 pic.twitter.com/ElpghhUTGT
">In my long political career I could have never imagined that Cong will stoop so low in their attempt to capture the vote bank of one religion.
— Himanta Biswa Sarma (@himantabiswa) November 11, 2023
By coming up with religion specific manifestos, Cong is fulfilling the vision of Mohammed Ali Jinnah’s Muslim League.
Thread 👇
1/3 pic.twitter.com/ElpghhUTGTIn my long political career I could have never imagined that Cong will stoop so low in their attempt to capture the vote bank of one religion.
— Himanta Biswa Sarma (@himantabiswa) November 11, 2023
By coming up with religion specific manifestos, Cong is fulfilling the vision of Mohammed Ali Jinnah’s Muslim League.
Thread 👇
1/3 pic.twitter.com/ElpghhUTGT
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিছুদিন পূৰ্বে ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ পাচত শেহতীয়াকৈ মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে । এই ব্যস্ততাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এক্স( টুইটাৰ)ত কেবাটাও টুইট কৰি কংগ্ৰেছ দলক পুনৰ মহম্মদ আলী জিন্নাহৰ মুছলিম লীগৰ লগত তুলনা কৰি কংগ্ৰেছ তথা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ প্ৰতি সমালোচনামুখৰ হৈ পৰা দেখা যায় ।
মনকৰিবলগীয়া যে তেলেংগানাৰ বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে সংখ্যালঘু বিশেষকৈ মুছলিম সংখ্যালঘুৰ উন্নয়নৰ বাবে বিভিন্ন সংৰক্ষণ, আঁচনিৰ কথা নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছে । ইয়াকে কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত কয়, ‘‘মোৰ দীঘলীয়া ৰাজনৈতিক জীৱনত মই কেতিয়াও অনুধাৱন কৰিব পৰা নাছিলোঁ যে কংগ্ৰেছে এটা ধৰ্মৰ ভোটবেংক দখল কৰাৰ প্ৰচেষ্টাত ইমান নিম্নগামী হ’ব পাৰে । ধৰ্মক নিৰ্দিষ্ট কৰি ইস্তাহাৰ প্ৰকাশ কৰা কংগ্ৰেছে মহম্মদ আলী জিন্নাহৰ মুছলিম লীগৰ দৃষ্টিভংগী পূৰণ কৰিছে ।’’
মুখ্যমন্ত্ৰীয়ে আন এটা টুইটত কয়, ‘‘সকলো ভাৰতীয়ই দুটা প্ৰশ্ন কৰিব লাগে ৷ এটা হ'ল কংগ্ৰেছৰ "জিতনি আবাদি উতনা হক" শ্লোগানটো মুছলমানসকলৰ বাবে অবৈধ সংৰক্ষণ ঘূৰাই আনিবলৈ আঁৰত কৰা প্ৰচেষ্টা নেকি ? আনটো হ'ল কৰদাতাসকলৰ ধন মৌল্লাসকলৰ দৰমহা দিবলৈ আৰু অন্যান্য বিভাজনমূলক আঁচনিসমূহৰ পুঁজি যোগান ধৰিবলৈ ব্যৱহাৰ কৰা উচিত নেকি ?’’
মুখ্যমন্ত্ৰীয়ে অন্য এটা টুইটত কয়, ‘‘মহাত্মা গান্ধীয়ে মহম্মদ আলী জিন্নাহৰ দ্বাৰা সমৰ্থন কৰা পৃথক ভোটাৰ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ নেতৃত্ব দিছিল । আৰু এতিয়া যিসকলে গান্ধী পদবীটো গ্ৰহণ কৰিছে তেওঁলোকে জিন্নাহৰ নীতিবোৰ পুনৰুজ্জীৱিত কৰিছে । আমাৰ স্বতন্ত্ৰ সেনাৰ প্ৰতি কৰা এই অপমান ক্ষমা কৰা নহ'ব বা পাহৰা নহ'ব ।"