ETV Bharat / state

কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

কংগ্ৰেছ দলক ফুটবলৰ গ'লপোষ্টৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM compares congress with goal post) ৷ মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছ এতিয়া ফুটবলৰ গ'লপোষ্ট । গতিকে গ'লপোষ্টক কোনেও গালি দিবলৈ নাযায় ।

CM compares congress with goal post
কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !
author img

By

Published : Feb 24, 2022, 3:24 PM IST

Updated : Feb 24, 2022, 5:31 PM IST

গুৱাহাটী, 24 ফেব্ৰুৱাৰী: পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছ দলক ফুটবলৰ গ'লপোষ্টৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰে (CM compares congress with goal post)। গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পৌৰ সভা নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰ (ইস্তাহাৰ) উন্মোচন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি কয় যে, কংগ্ৰেছ এতিয়া ৰাইজৰ মাজত নাই । মাত্ৰ কিছুমান ঠাইতহে কংগ্ৰেছ সীমাবদ্ধ হৈ আছে । গতিকে পৌৰ সভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিয়ে ভয় ভাবুকি দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে ।

কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

উল্লেখ্য যে, ৰাজ্যৰ পৌৰ সভাৰ অন্তৰ্গত ৯০০ ৱাৰ্ডৰ ৬০ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । আকৌ উত্তৰ গুৱাহাটী আৰু চতিয়া পৌৰ সভা বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে দখল কৰিছে । এই সম্পৰ্কত যোৱা সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অভিযোগ কৰি কৈছিল যে, বিজেপিয়ে পৌৰ সভাৰ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি নিৰ্বাচনত জয় হোৱাৰ চেষ্টা চলায় আছে । বিজেপি দলে একাংশ কংগ্ৰেছৰ প্ৰাৰ্থীক হত্যাৰ ভয় ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাধ্য কৰিছে ।

ইপিনে এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ভয় ভাবুকি দিয়া প্ৰশ্নটো তেতিয়া আহে যেতিয়া সন্মূখত তীব্ৰ প্ৰতিদ্বন্দ্বীতা হোৱাৰ সম্ভাৱনা থাকে । এতিয়া ফুটবলৰ গ'লপোষ্টৰ ওচৰত গ'লকীপাৰেই নাই । গ'ল হ'লে গ'লপোষ্টটোক গালি দি লাভ নাই । কংগ্ৰেছ এতিয়া ফুটবলৰ গ'লপোষ্ট । গতিকে গ'লপোষ্টক কোনে গালি দিব যাব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ ৰাইজ এতিয়া কংগ্ৰেছৰ লগত নাই । বিজেপিৰ লগতহে আছে ।

লগতে পঢ়ক: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন জাৰি

Last Updated : Feb 24, 2022, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.