ETV Bharat / state

Railway land leasing to corporates: লীজত দিয়া মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ পৰিকল্পনা

author img

By

Published : Feb 24, 2022, 10:56 PM IST

ৰেল বিভাগে ব্যৱসায়ীক লীজত দিয়া গুৱাহাটীৰ ৰেল বিভাগৰ মাটিখিনি (Guwahati railway land leasing to corporates)ৰাজ্য চৰকাৰৰ অধীনলৈ আনিবৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে । প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে সেয়া চাই ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব । বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে ৷

railway land leasing to corporates
লীজত দিয়া মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ পৰিকল্পনা

গুৱাহাটী, 24 ফেব্ৰুৱাৰী: ৰেল বিভাগে ব্যৱসায়ীক লীজত দিয়া মাটি (Guwahati railway land leasing to corporates)ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে । প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে সেয়া চাই ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব । গুৱাহাটীত বৃহস্পতিবাৰে এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত থকা ৰেল বিভাগৰ ৫৮ বিঘা মাটি লীজত দিয়া সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে । উল্লেখ্য যে, ৰেল বিভাগে গুৱাহাটীৰ ৰে’লৰ মাটি তিনিগৰাকী বহিৰাগত বনিয়াক লীজ দিয়াৰ বাবে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইপিনে গুৱাহাটীস্থিত ৰে’ল বিভাগৰ মাটি বনিয়াক লীজ দিয়া বাতিল কৰাৰ দাবীত চি পি আই এমৰ ৰাজ্যিক কমিটিয়ে বুধবাৰে গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল । কংগ্ৰেছৰ তৰফৰ পৰাও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চি পি আই এমৰ তৰফৰ ৰে’লক যদি মাটি নালাগে সেইমাটি ৰাজ্য চৰকাৰক দি দিয়াৰ বাবে দাবী কৰা হৈছিল ।

আনহাতে মুখ্যমন্ত্ৰীয়ে কয় যে, ৰেলৰ ভূমি লীজত দিয়াৰ বাবে ৰাজহুৱাভাৱে ৰেল বিভাগে নিবিদা আহ্বান কৰিছিল । কিন্তু সেই নিবিদাত এজনো অসমীয়া স্থানীয় ব্যৱসায়ীয়ে আবেদন নকৰিলে । তেওঁ কয় যে, অসমত ৰে’ল বিভাগৰ যথেষ্ট পৰিমাণৰ মাটি আছে । সেইবোৰ পৰৱৰ্তী সময়ত ৩৫ বছৰৰ বাবে লীজত দিব পাৰে । এই ক্ষেত্ৰত নিবিদা ওলালে অসমীয়া ব্যৱসায়ী আৱেদন কৰিব পাৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰেল বিভাগৰ মাটি লীজত দিয়াৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰীয় নীতি আছে । তাত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে ।

লগতে পঢ়ক: Housing Flat Controversy: হাউচিঙৰ ফ্লেট বিতৰ্কক লৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.