গুৱাহাটী, ১৯ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰে এতিয়া নিৰ্বাচনী গৰম বতাহ । তুংগত উঠিছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ (GMC Election 2022)। প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ ৰণকৌশলেৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । লক্ষণীয়ভাৱে শাসকীয় দল বিজেপিৰ ৰথী-মহাৰথীসকল নামি পৰিছে প্ৰচাৰ অভিযানত । বিগত দুদিন ধৰি এখনৰ পাছত আনখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma campaigns for GMC Election)। মঙলবাৰেও মুখ্যমন্ত্ৰীয়ে তিনিখনকৈ সভাত অংশ গ্ৰহণ কৰে ।
মঙলবাৰে বিয়লি লালগণেশত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে চাৰিটা ৱাৰ্ডৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় । ২১ নং ৱাৰ্ডৰ সন্দীপ দেৱ, ২২ নং ৱাৰ্ডৰ স্মিতা ৰয়, ২৪ নং ৱাৰ্ডৰ বিজু মেধি আৰ ২৫ নং ৱাৰ্ডৰ মঞ্জুলা ৰাভাৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলায় ।
অৱশ্যে ২২ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী স্মিতা ৰয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই চৰকাৰে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিটো ৱাৰ্ডৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ১০ কোটি টকা প্ৰদান কৰা হ'ব । আনহাতে, প্ৰতিটো ৱাৰ্ডত হ'ব একোখন চিকিৎসালয় । গুৱাহাটীক অপৰাধমুক্ত আৰু ড্ৰাগছমুক্ত কৰাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি তেওঁ উল্লেখ কৰে । আন দলে কাম কৰি দিম বুলি ক'লে কৰি দিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ চহী অবিহনে কেনেকৈ কৰি দিব । কাম কেৱল বিজেপিয়ে কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে কথা মতে কাম কৰে ।
অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰাৰ কথা সদৰি কৰি তেওঁ কয় যে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ নতুনকৈ এহাজাৰ লোকক আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ'ব (Arunoday ascheme money increased to Rs 1250)। গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে । সভাত মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু অশোক সিংঘাল, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি বহুকেইজন দলীয় নেতা উপস্থিত আছিল । লালগণেশৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাঁচী বজাৰ আৰু মালিগাঁৱৰ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে ।