ETV Bharat / state

ৰাজনৈতিক সাহস নাই কাৰণেই সমাধান হোৱা নাই গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ ৰাজনৈতিক সাহস নাই চৰকাৰৰ ৷ নবীন নগৰত হ্ৰদৰ সৃষ্টি কৰি(Lake in Guwahati) কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে চৰকাৰ আগবাঢ়িব যদিও এই ক্ষেত্ৰত ৰাইজৰো সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Lake in Guwahati
ৰাজনৈতিক সাহস নাই কাৰণেই সমাধান হোৱা নাই গুৱাহাটীৰ কৃত্ৰিমবানৰ সমস্যা
author img

By

Published : Jun 22, 2022, 7:40 PM IST

গুৱাহাটী, ২২ জুন: ৰাজনৈতিক সাহস নাই কাৰণেই গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱা নাই ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কৃত্ৰিম বানৰ সমস্যা(Guwahati flood) কি কৰিলে সমাধান হ’ব সেইটো সকলোৱে জানে । কিন্তু সমাধান কৰাৰ সাহস নাই ।

ৰাজনৈতিক সাহস নাই কাৰণেই সমাধান হোৱা নাই গুৱাহাটীৰ কৃত্ৰিমবানৰ সমস্যা

নবীন নগৰৰ ১০ বিঘা মাটি অধিগ্ৰহণ কৰি এটা হ্ৰদ বনাব পাৰিলেই কৃত্ৰিম বানৰ সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই (Lake in Guwahati)। মাটিৰ মালিকসকলক উচিত মূল্য দি হ্ৰদ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত ল’ব বুলিও জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সহযোগ বিচাৰে । ইয়াৰ বাবে উচিত ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে তেওঁ কয় যে, নবীন নগৰত অমৃত সৰোবৰ বনাব পাৰিলে কৃত্ৰিম বানৰ সমস্যা সমাধান হ’ব আৰু মানুহৰ কষ্ট কমিব । উল্লেখ্য যে, বছৰ বছৰ ধৰি কৃত্ৰিম বানে জ্বলাকলা খুৱাই আহিছে মহানগৰবাসীক (Artificial flood in Guwahati)। শেহতীয়াকৈ মহানগৰীত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীখনৰ অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, জু-ৰোড, চানমাৰি, ৰুক্মিণী গাঁৱকে ধৰি আন কেইবাটাও অঞ্চলত নতুনকৈ কৃত্ৰিম বানৰ সৃষ্টি হয় ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.