ETV Bharat / state

SWANIRBHAR NAARI: চৰকাৰীভাৱে হস্ততাঁত বস্ত্ৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ - power loom

'স্বনিৰ্ভৰ নাৰী'ৰ অধীনত হস্ততাঁত বস্ত্ৰৰ ক্ৰয় প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসম চৰকাৰে স্থাপন কৰা 100 টা ক্ৰয় কেন্দ্ৰত অসমৰ 4.8 লাখ শিপিনীৰ পৰা গামোচা, আৰনাই আৰু অন্যান্য একে ধৰণৰ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অসমৰ ক’তো যাতে পাৱাৰলুমৰ গামোচা নাথাকে তাৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা হস্ততাঁত বস্ত্ৰ বিভাগে চল‍াব অভিযান ।

SWANIRBHAR NAARI
চৰকাৰীভাৱে হস্ততাঁত বস্ত্ৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Jan 13, 2023, 4:49 PM IST

চৰকাৰীভাৱে হস্ততাঁত বস্ত্ৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটী,13 জানুৱাৰী: ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি 'স্বনিৰ্ভৰ নাৰী'ৰ(SWANIRBHAR NAARI) অধীনত হস্ততাঁত বস্ত্ৰ(Handloom)ক্ৰয় প্ৰক্ৰিয়া শুকুৰবাৰে শুভাৰম্ভ কৰা হয় । গুৱাহাটীৰ আমবাৰীস্থ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চলকালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) এই ক্ৰয় প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । ৰাজ্যৰ হস্ততাঁত খণ্ডক উৎসাহিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

এই পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে স্থাপন কৰা 100 টা ক্ৰয় কেন্দ্ৰত অসমৰ 4.8 লাখ শিপিনীৰ পৰা গামোচা, আৰনাই আৰু অন্যান্য একে ধৰণৰ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰা হ'ব । থলুৱা শিপিনীসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ লগতে পাৱাৰলুমৰ(power loom) আগ্ৰাসনৰ পৰা অসমৰ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণতো এই প্ৰক্ৰিয়াই যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘বস্ত্ৰশিল্প হৈছে অসমৰ ঐতিহ্যক শক্তিশালীভাৱে প্ৰতিফলিত কৰা অনন্য শিল্প । বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয়তাৰে সমুজ্জ্বল অসমৰ বস্ত্ৰশিল্পই আমাৰ জাতিটোক স্বৰূপেৰে উদ্ভাসিত কৰি আহিছে । অসমৰ বস্ত্ৰশিল্পই দেশ-বিদেশত সমাদৰ লাভ কৰিছে । ক'ভিডৰ সময়ত অসমৰ বস্ত্ৰশিল্পই সংকটৰ মুখামুখি হৈছিল ।’’

অসমত 12 লাখ পঞ্জীয়নভুক্ত শিপিনী আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ‘‘মেছিনৰ দ্বাৰা প্ৰস্তুত হোৱা বস্ত্ৰৰ বাবে শিপিনীসকলে প্ৰত্যাহ্বান সন্মূখীন হৈছে । পাৱাৰলুমৰ বস্ত্ৰ ব্যৱহাৰ হোৱাৰ ফলত হস্ততাঁত বস্ত্ৰই সংকটৰ সন্মূখীন হৈছে । বহুতেই পাৱৰলুমৰ গামোচা ব্যৱহাৰ কৰে । এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ শিপিনীৰ পৰা গামোচা, আৰনাই আদি চৰকাৰীভাৱে ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে ৷’’

তেওঁ লগতে কয় যে, ‘‘ফেব্ৰুৱাৰী মাহৰ পৰা বিভাগে অভিযান চলাব লাগিব যাতে অসমৰ ক’তো পাৱাৰলুমৰ গামোচা নাথাকে(Operation against power loom in Assam) ।’’ সেইদৰে মেখেলা চাদৰো পাৱাৰলুমৰ নিষিদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । লগতে গামোচাক জনপ্ৰিয় কৰি বিশ্বজনীন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অনুষ্ঠানত হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, কৃষিমন্ত্ৰী অতুল বৰা, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন, বিত্তমন্ত্ৰী অজন্তা নেওগ, চাহ জনজাতি কল্যান বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, সাংসদ কুইন ওজা, আৰ্টফেডৰ অধ্যক্ষ নাথুৰাম বড়োকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: Jal Jeevan Scheme in Assam: ৰাজ্যত লেহেমীয়া গতিত জল জীৱন মিছনৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.