ETV Bharat / state

Rising Sun Water Fest 2022: জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ - উমিয়া এক অন্যতম বৃহৎ কৃত্ৰিম হ্ৰদ

বিগত ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ৰাইজিং ছান ৱাটাৰফেষ্ট-২০২২’ৰ (Rising Sun Water Fest 2022) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট’ৰ দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

CM_Himanta_Biswa_Sarma attend Rising Sun Water Fest at Umiam lake in Meghalaya
জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ
author img

By

Published : Nov 5, 2022, 10:54 PM IST

গুৱাহাটী,৫ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মেঘালয়ৰ উমিয়াম হ্ৰদত ‘ৰাইজিং ছান ৱাটাৰফেষ্ট-২০২২’ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ড, গজৰাজক’পছ আৰু ৰেড হৰ্ণছ ডিভিজনে বিগত ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই উৎসৱৰ আয়োজন কৰিছিল (Organized by Indian Army & Meghalaya Tourism) ।

CM_Himanta_Biswa_Sarma attend Rising Sun Water Fest at Umiam lake in Meghalaya
জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

সামৰণি অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই দেশৰ বিভিন্ন ক্লাব আৰু খেলুৱৈসকলক ৰয়িং আৰু নাও চালনাৰ বাবে একত্ৰিতকৰণ তথা অংশগ্ৰহণৰ এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ বাবে আয়োজক সমিতিৰ শলাগ লয় (Assam CM at Rising Sun Water Fest) ।

তেওঁ কয় যে উমিয়াম হৈছে মেঘালয়ৰ এক অন্যতম বৃহৎ কৃত্ৰিম হ্ৰদ (Umiam lake in Meghalaya) । জলক্ৰীড়া তথা দুঃসাহসিক ক্ৰীড়াৰ বিভিন্ন সুবিধা থকা এই হ্ৰদটোত ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট-২০২২’ (Rising Sun Water Fest 2022) অনুষ্ঠিতকৰণে এক বিশেষ মাত্ৰা প্ৰদান কৰিলে (Closing ceremony of Rising Sun Water Fest) ৷

ভৱিষ্যতে ৰয়িং আৰু নাও চালনাৰ ক্ৰীড়াশৈলীৰ পৃষ্ঠপোষকতা কৰাৰ দিশত অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ দায়বদ্ধতা এই ক্ৰীড়া উৎসৱে বৃদ্ধি কৰিলে বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োখন ৰাজ্যই এই আশাব্যঞ্জক জলক্ৰীড়াৰ প্ৰচাৰৰ বাবে একেলগে কাম কৰিব লাগিব ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মেঘালয় চৰকাৰৰ সহযোগিতা কামনা কৰি কয় যে সেনাবাহিনীৰ সৈতে দুয়োখন ৰাজ্যৰ চৰকাৰে উমিয়ামৰ এই জলক্ৰীড়াস্থলী বিশ্বমানৰ পৰ্যায়লৈ উন্নীত কৰাৰ বাবে যুটীয়াভাৱে কাম কৰিব । তেওঁ লগতে মন্তব্য কৰে যে ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট’ৰ দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

এই উৎসৱৰ প্ৰসাৰে সমগ্ৰ অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয় । অনাগত দিনত উত্তৰ-পূৰ্বাঞ্চলত জলক্ৰীড়াৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এনে উৎসৱে এক নতুন আৰম্ভণিৰ সূচনা কৰিব বুলিও তেওঁ মন্তব্য কৰে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সেনাৰ শৌৰ্য আৰু পৰাক্ৰমৰো শলাগ লয় । অনুষ্ঠানত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, ইষ্টার্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ এয়াৰ মাৰ্শ্বাল সুজিত পুষ্পকৰ ধৰকাৰ, জি অ’ চি ফ’ৰ ক'ৰ্পৰ্ছৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণা, জি অ’ চি ২১ মাউটেণ্ট ডিভিজনৰ মেজৰ জেনেৰেল এছ মুৰুগেছানৰ উপৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক: DAC Election 2022: ৩২ টা প্ৰতিশ্ৰুতিৰে DAC নিৰ্বাচনৰ সংকল্প পত্র উন্মোচন বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.