ETV Bharat / state

CM Himanta Biswa Sarma : কটনত নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - হিমন্ত বিশ্ব শৰ্মা

কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠানত নষ্টালজিক হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সোমবাৰে কটন বিশ্ববিদ্যালয়ত শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

CM Himanta Biswa Sarma
কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:38 PM IST

নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 30 অক্টোবৰ : কটন বিশ্ববিদ্যালয়ত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ অনুষ্ঠানত নষ্টালজিক হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখ্য যে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ উপস্থিতিত সোমবাৰে কটন বিশ্ববিদ্যালয়ত শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নষ্টালজিক হৈ মুখ্যমন্ত্ৰীজনে কয় যে এসময়ত তেওঁ কটনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ ‌সম্পাদক আছিল ৷ তেতিয়াৰ দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল‌ শৰ্মাক কটনলৈ নিমন্ত্ৰণ কৰিছিল ৷ আজি পুনৰ সেইদিনটোলৈ মুখ্যমন্ত্ৰীৰ মনত পৰি নষ্টালজিক হৈ পৰে ৷

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে পূৰ্বে কটন কলেজ আৰু বৰ্তমান কটন বিশ্ববিদ্যালয় হিচাবে পৰিচিত শিক্ষানুষ্ঠানখন অসমৰ শিক্ষাজগতৰ বাটকটীয়া তথা ৰাজ্যৰ উচ্চ শিক্ষাৰ নৱ জাগৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ৷ কটন বিশ্ববিদ্যলয়ত মত-বিনিময় অনুষ্ঠানত উপস্থিত থকাৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ এই ভ্ৰমণে যুৱক-যুৱতী আৰু ৰাজ্যৰ শৈক্ষিক সৱলীকৰণৰ দিশত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ থকা দায়বদ্ধতাকে সূচাইছে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে এই শিক্ষানুষ্ঠানখনে এশ বছৰতকৈয়ো অধিক সময় ধৰি অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ বহু স্নাতকে অর্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সামাজিক কৰ্ম আৰু ৰাজহুৱা জীৱনত উল্লেখযোগ্য অৰিহণা যোগাইছে বুলিও তেওঁ কয় ৷ কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু বিভিন্ন সাংস্কৃতিক, বৌদ্ধিক, ক্ৰীড়াৰ বিকাশে এই শিক্ষানুষ্ঠানখনক এক নতুন দিগন্তলৈ লৈ যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অমৃত কালৰ পোষকতা কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়সমূহক লাহে লাহে শৈক্ষিক উত্থানৰ এক জীৱন্ত সাক্ষী আৰু এই উত্থানক বৰঙণি যোগাব পৰা জ্ঞান মন্দিৰলৈ ৰূপান্তৰিত কৰিব লাগিব ৷ অসমৰ বিশ্ববিদ্যালয়সমূহত নতুন দিনৰ যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমৰ চৰ্চা হ’ব লাগিব ৷ কেনেকৈ ভাৰতৰ আন উন্নত ৰাজ্যসমূহৰ বিশ্ববিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তাৰ বিষয়ে চিন্তা-চৰ্চা হ’ব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমৰ লগত বৰ্তমানৰ পৃথিৱীৰ জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰসমূহ কেনেকৈ শ্ৰেণীকোঠাৰ এক অংশ হিচাপে ল’ব পৰা যায় তাৰ বিষয়েও চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷

লগতে পঢ়ক : Vice President Jagdeep Dhankhar : অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.