নিউজ ডেস্ক, 28 ডিচেম্বৰ : শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে, সমাজ সংস্কাৰৰ উদ্দেশ্যৰে প্ৰতিদিনে পুৱাৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ভিডিঅ’যোগে আগবঢ়াই আহিছে গীতাৰ বাণী ৷ এইখিনিলৈকে ঠিকেই আছিল ৷ কিন্তু কেনাটো লাগিল মঙলবাৰে অৰ্থাৎ 26 ডিচেম্বৰত ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে পুৱা সামাজিক মাধ্যমত আগবঢ়োৱা ব্যাখ্যাই তোলপাৰ লগালে চৌদিশ ৷ এই ব্যাখ্যাক লৈ ৰাজ্যজুৰি সৃষ্টি হ’ল ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
-
As a routine I upload one sloka of Bhagavad Gita every morning on my social media handles. Till date, I have posted 668 slokas.
— Himanta Biswa Sarma (@himantabiswa) December 28, 2023 " class="align-text-top noRightClick twitterSection" data="
Recently one of my team members posted a sloka from Chapter 18 verse 44 with an incorrect translation.
As soon as I noticed the mistake, I promptly…
">As a routine I upload one sloka of Bhagavad Gita every morning on my social media handles. Till date, I have posted 668 slokas.
— Himanta Biswa Sarma (@himantabiswa) December 28, 2023
Recently one of my team members posted a sloka from Chapter 18 verse 44 with an incorrect translation.
As soon as I noticed the mistake, I promptly…As a routine I upload one sloka of Bhagavad Gita every morning on my social media handles. Till date, I have posted 668 slokas.
— Himanta Biswa Sarma (@himantabiswa) December 28, 2023
Recently one of my team members posted a sloka from Chapter 18 verse 44 with an incorrect translation.
As soon as I noticed the mistake, I promptly…
প্ৰথমে ভুল ব্যাখ্যাৰে সামাজিক মাধ্যমত গীতাৰ বাণী বিলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু পিছত অনুবাদত ভুল হোৱা বুলি, পোষ্ট ডিলিট কৰি বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে ক্ষমা বিচাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত আগবঢ়োৱা বাণীটোত কোৱা হৈছে, “কৃষিকর্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কর্ম ৷ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এই তিনি বর্ণক শুশ্ৰূষা কৰাটো হৈছে শূদ্ৰৰ স্বাভাৱিক কর্ম ৷” মুখ্যমন্ত্ৰীৰ এই পোষ্টটোক লৈ চৌদিশে সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়া ৷ বৰ্ণবাদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধী দল সমূহে মুখ্যমন্ত্ৰীগৰাকীৰ এই পোষ্টক লৈ তীব্ৰ সমালোচনা কৰে ৷
এই প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই পোষ্ট ডিলিট কৰি সামাজিক মাধ্যমত এই ভুলৰ বাবে ক্ষমা খোজে ৷ এই সন্দৰ্ভত তেওঁ এক্স (টুইটাৰ) ত লিখিছে -"ৰুটিন হিচাপে মই প্ৰতিদিনে পুৱা মোৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্ৰীমদ্ভগৱতগীতাৰ এটা শ্লোক আপলোড কৰো ৷ আজিলৈকে 668 টা শ্লোক পোষ্ট কৰিছো ৷ শেহতীয়াকৈ মোৰ দলৰ এজন সদস্যই অধ্যায় 18 পদ 44 ৰ এটা শ্লোক ভুল অনুবাদৰ সৈতে পোষ্ট কৰিছিল ৷ ভুলটো লক্ষ্য কৰাৰ লগে লগে পোষ্টটো তৎক্ষণাত ডিলিট কৰি দিলোঁ ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পুনৰ কয় "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত সংস্কাৰ আন্দোলনৰ কৃপাত অসম ৰাজ্যই জাত-পাতহীন সমাজৰ এক নিখুঁত ছবি প্ৰতিফলিত কৰিছে ৷ যদি ডিলিট কৰা পোষ্টটোৱে কাৰোবাক আঘাত কৰিছে তেন্তে আন্তৰিকতাৰে ক্ষমা বিচাৰিছো ৷"
লগতে পঢ়ক : দিল্লীয়ে অসমৰ বাবে কৰা চুক্তিৰ ইতিহাস কেৱল প্ৰতাৰণাৰ ইতিহাস : অজাপৰ অভিযোগ