ETV Bharat / state

ৰেঞ্জাৰৰ পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ ৰদবদলৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

author img

By

Published : Jul 6, 2021, 11:03 PM IST

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ । বন সম্পদৰ অবৈধ কাৰ্যকলাপ আৰু বনভূমি বেদখল চিনাক্তকৰণৰ বাবে ড্ৰ’ন প্ৰযুক্তিৰ(drone technology) দ্বাৰা বনাঞ্চলৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্রীৰ নিৰ্দেশ ।

cm himanta bishwa sarma orders transfer of forest officers
ৰেঞ্জাৰৰ পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ ৰদবদলৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

গুৱাহাটী, ৬ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই আজি পৰিৱেশ আৰু বনমন্ত্ৰী(forest minister) পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । ৰাজ্যখনৰ মূল্যৱান বনাঞ্চল ৰক্ষা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ লগতে বিভাগটোৰ প্ৰতিচ্ছবি পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে বন বিভাগত সংস্কাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে ৰেঞ্জাৰৰ(forest ranger) পৰা মাণ্ডলিক বন বিষয়া পৰ্যায়লৈ বন বিষয়াসকলৰ ৰদবদল কৰিবলৈ তৎক্ষণাৎ এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

আনহাতে, ৰাজহ উৎপাদন(revenue generation) বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যৰ পৰা বন সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহৰ ক্ষেত্ৰত যথাযথ চৰকাৰী প্ৰক্ৰিয়া অনুসৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । সেইদৰে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ভিতৰত আহৰণ কৰা বন সম্পদ(forest resources)ৰ পৰা বনজ ৰয়েল্টী(forest royalty) সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিয়ে । বন সম্পদৰ অবৈধ কাৰ্যকলাপ আৰু বনভূমি বেদখল চিনাক্তকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ড্ৰ’ন প্ৰযুক্তিৰ দ্বাৰা বনাঞ্চলৰ নিয়মীয়া নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে । বৈঠকত বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ৰাজ্যৰ প্ৰায় সমূহ জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ কেৱল আৰক্ষী অধীক্ষকেই নহয়, বহু কেইখন জিলাৰ উপায়ুক্তকো কৰা হৈছিল বদলি ৷ তাৰোপৰি মাত্ৰ কেইদিনমান পূৰ্বে ৰাজ্যৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক বদলি কৰি প্ৰশাসনীয় দিশত পৰিৱৰ্তন সাধনৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ হাত এৰি গেৰুৱা সাজ পিন্ধিব নেকি ৰাজীৱ লোচন পেগুৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.